বিজেপিৰ নেতা ভূপেন্দ্ৰ পেটেলে মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপিৰ নেতা ভূপেন্দ্ৰ পেটেলে গুজৰাটৰ দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হিচাপে শপত লয়।দলৰ নেতা ভূপেন্দ্ৰ পেটেলে আন ২০ গৰাকী কেবিনেট মন্ত্ৰীৰ সৈতে মুখ্যমন্ত্ৰী হিচাপে শপত লয়।গুজৰাটৰ ৰাজধানী গান্ধীনগৰৰ নতুন সচিবালয়ৰ নিকটৱৰ্তী হেলিপেড গ্ৰাউণ্ডত অনুষ্ঠিত শপত গ্ৰহণ অনুষ্ঠানত ৬০ বছৰীয়া বিজেপি নেতা গৰাকীক গুজৰাটৰ ৰাজ্যপাল আচাৰ্য দেৱব্ৰতে নতুন মুখ্যমন্ত্ৰী হিচাপে শপতবাক্য পাঠ কৰায়।প্ৰধানমন্ত্ৰী মোডীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰি এক ৰোড শ্বো কৰি আহমেদাবাদত উপস্থিত হয়।বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডা, কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙেও শপত গ্ৰহণ অনুষ্ঠানত অংশগ্ৰহণ কৰে।ইয়াৰ ওপৰিও বিজেপি শাসিত ৰাজ্য সমূহৰ মুখ্যমন্ত্ৰীসকলো এই অনুষ্ঠানত উপস্থিত থাকে।