বিজেপিৰ জ্যেষ্ঠ নেতাৰ মন্তব্যৰ বিৰোধিতা অসম তৃণমূল যুৱ কংগ্ৰেছৰ

বিজেপিৰ জ্যেষ্ঠ নেতাৰ মন্তব্যৰ বিৰোধিতা অসম তৃণমূল যুৱ কংগ্ৰেছৰ

গুৱাহাটী, ৰঙিলী বাৰ্ত্তাসেৱা-  এক টেলিভিছন চেনেলৰ টক শ্ব’ত বিজেপি নেতা ৰূপম গোস্বামীয়ে ‘নামনি অসমলৈ গ’লে পাকিস্তান পাকিস্তান লাগে’ বুলি কৰা বক্তব্যৰ বিৰোধিতা কৰিছে অসম তৃণমূল যুৱ কংগ্ৰেছৰ সভাপতি বন্দীপ দত্তই। অসম তৃণমূল কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক সংবাদমেলত বন্দীপ দত্তই কয়,’কালি এক টেলিভিছন চেনেলৰ টক শ্ব’ত বিজেপি নেতা ৰূপম গোস্বামীয়ে পূৰ্বে মুখ্য মন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ‘নামনি অসমলৈ গ’লে পাকিস্তান পাকিস্তান লাগে ‘ বুলি কৰা মন্তব্যৰ সমৰ্থনত বক্তব্য ৰাখে। এই স্থিতিৰে তেওঁ সমগ্ৰ নামনি অসমক অপমান কৰিছে। আমি এই বক্তব্য উঠাই ল’বলৈ দাবী জনাইছো। ২৪ ঘণ্টাৰ ভিতৰত উঠাই নল’লে অসম তৃণমূল যুৱ কংগ্ৰেছৰ তৰফৰ পৰা বিজেপিৰ কাৰ্যালয়ৰ সন্মুখত কলা পতাকা উৰুওৱাকে ধৰি বিভিন্ন প্ৰতিবাদী কাৰ্যসূচী হাতত ল’বলৈ বাধ্য হ’ম।’দত্তই সংবাদমেলত News 18 চেনেলৰ অনুষ্ঠানটিৰ ভিডিঅ’ দাঙি ধৰি প্ৰশ্ন উত্থাপন কৰে।