বিজেপিৰ কাৰ্যকৰ্তাক জনতাৰ মাজলৈ গৈ জনসম্পৰ্ক কৰিবলৈ মতপোষন মুখ্যমন্ত্ৰীৰ

বিজেপিৰ কাৰ্যকৰ্তাক জনতাৰ মাজলৈ গৈ জনসম্পৰ্ক কৰিবলৈ মতপোষন মুখ্যমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাঁচীত অৱস্থিত ঝাৰখণ্ডৰ বিজেপি ৰাজ্যিক কাৰ্যালয়ত ৰাজ্যিক সভাপতি বাবুলাল মাৰাণ্ডীৰ অধ্যক্ষতাত আৰু অসমৰ মুখ্যমন্ত্ৰী ড°হিমন্ত বিশ্ব শৰ্মাৰ উপস্থিতিত বিভিন্ন নিৰ্বাচনী আঁচনি সন্দৰ্ভত এখন বৈঠক অনুষ্ঠিত হয়।উক্ত বৈঠকত অসমৰ মুখ্যমন্ত্ৰীয়ে আগন্তুক ঝাৰখণ্ডৰ নিৰ্বাচনত বিজেপিৰ সাংগঠনিক ভেটি শক্তিশালী কৰাত নিৰ্ণায়ক ভূমিকা গ্ৰহণ কৰিবলৈ সকলো প্ৰকাৰৰ পদক্ষেপ লোৱাৰ কথা অৱগত কৰে আৰু মুখ্যমন্ত্ৰীয়ে প্ৰতিজন বিজেপি কাৰ্যকৰ্তাক জনতাৰ মাজলৈ গৈ জনসম্পৰ্ক কৰিবলৈ মতপোষণ কৰে৷