বিজেপিত যোগদান বিভিন্ন দল-সংগঠনৰ দুই সহস্ৰাধিক নেতা কৰ্মীৰ যুৱ মৰ্চাৰ উদ্যোগত বৃহৎ যোগদান অনুষ্ঠান
ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় জনতা যুৱ মৰ্চা অসম প্ৰদেশৰ উদ্যোগত ৰাজ্যৰ বিভিন্ন ৰাজনৈতিক দল, সংগঠনৰ দুই হেজাৰোধিক যুৱক-যুৱতীয়ে ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰে। দেশৰ যশস্বী প্রধানমন্ত্রী নবেন্দ্ৰ মোডী ডাঙৰীয়া আৰু অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মা ডাঙৰীয়াৰ বিকাশৰ ৰাজনীতি আৰু ভাৰতীয় জনতা পাৰ্টিৰ আদৰ্শৰ প্ৰতি আকৰ্ষিত হৈ যোগদান কৰাসকলক দললৈ আদৰণি জনাই বিজেপিৰ ৰাজ্যিক সভাপতি ভবেশ কলিতাই কয় যে, বিজেপি অন্য দলতকৈ পৃথক। আমাৰ লক্ষ্য হৈছে ভাৰতবৰ্ষক সমৃদ্ধিশালী ৰূপে গঢ় দিয়াৰ। বিগত সময়ত কংগ্ৰেছ ভাৰতবৰ্ষক লুটি-পুটি খোৱাৰ বাবেই আজি কংগ্ৰেছৰ এই দুৰাৱস্থা।। যুৱ মৰ্চাৰ ৰাজ্যিক সভাপতি সিদ্ধাংকু অংকুৰ বৰুৱাৰ সভাপতিত্বত আৰু সাধাৰণ সম্পাদকদ্বয় তাপস কলিতা, ত্রিদিবজ্যোতি মৰাণে আঁচ ধৰা যোগদান সভাখনত উপস্থিত থাকে ভাৰতীয় জনতা পাৰ্টিৰ ৰাজ্যিক সাংগঠনিক সাধাৰণ সম্পাদক ফনীন্দ্ৰ নাথ শৰ্মা, ৰাজ্যিক সাধাৰণ সম্পাদক দিপ্পু ৰঞ্জন শৰ্মা, ৰাজ্য চৰকাৰৰ মন্ত্রী জয়ন্ত মল্ল বৰুৱা, যুৱ মৰ্চাৰ প্ৰাক্তন সভাপতি জয়ন্ত কুমাৰ দাস, ৰাজ্যিক বিজেপিৰ কোষাধ্যক্ষ ৰাজকুমাৰ শর্মা। বিজেপিত যোগদান কৰা নতুন প্ৰজন্মক উদ্দেশ্যি মন্ত্রী জয়ন্ত মল্ল বৰুৱাই কয় যে, অসমীয়া মানুহৰ আবেগক তাল-তৰুৱাল হিচাপে লৈ বহুতে বহুত ৰাজনীতি কৰি আহিছিল। এতিয়া নতুন প্রজন্মই সেয়া চিনাক্ত কৰিব লাগিব। আগতে অসমৰ এখন দলং বিচাৰি আন্দোলন কৰিব লগা হৈছিল। আজিৰ দিনত এখনৰ পিছত এখন দলং, মেডিকেল কলেজ, এইমূহ বিনা আন্দোলনত স্থাপন হৈছে। এয়া কেৱল বিজেপিৰ চৰকাৰৰ দিনত সম্ভব। যোগদান কৰাসকলৰ ভিতৰত গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্ৰাক্তন উপ-সভাপতি অনুপমা পাটগিৰি, কংগ্ৰেছৰ ছাত্রসংগঠন এন.এছ. ইউ আইৰ ৰাজ্যিক সম্পাদক জ্যোতির্ময় শইকীয়া, আৰ্য্য বিদ্যাপীঠ মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক দেৱেন শৰ্মা, প্রাগজ্যোতিষ মহাবিদ্যালয়ৰ সভাপতি সৌৰভ বাৰ্মা, বি.বৰুৱা মহাবিদ্যালয়ৰ সভাপতি ৰাহুল আলী, গুৱাহাটী কমার্চ কলেজ আছু গোটৰ সভাপতি গনেশ কাপুৰ, কামৰূপ জিলা এন.এছ.ইউ.আইৰ উপ-সভাপতি মৌখিক দত্ত উল্লেখযোগ্য।
