বিজেপিত যোগদান কৰিব প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামতকে ধৰি ৮ জন কংগ্ৰেছী বিধায়কঃ গোৱা বিজেপি প্ৰধান
ৰঙিলী বাৰ্ত্তাসেৱা- গোৱাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী দিগম্বৰ কামতকে ধৰি ৮জন কংগ্ৰেছ বিধায়কে বিজেপিত যোগদান কৰিবলৈ সাজু হৈছে বুলি ৰাজ্যিক দলৰ অধ্যক্ষ সদানন্দ শেত তানাৱদেৱে জানিবলৈ দিয়ে। আনসকলৰ ভিতৰত আছে প্ৰাক্তন বিৰোধী দলৰ নেতা মাইকেল লোবো, ডেলিলা লোবো, ৰাজেশ ফালদেশাই, কেদাৰ নায়েক, সংকল্প আমনকাৰ, এলেক্সো চেকুয়েৰা আৰু ৰুডলফ ফাৰ্ণাণ্ডেজ। কংগ্ৰেছৰ বৰ্তমান গোৱা বিধানসভাত ১১ জন বিধায়ক আছে।