বিজেপিত যোগদান কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে
ৰঙিলী বাৰ্ত্তাসেৱা- বি টি আৰৰ ৰাজনীতি সলনি হোৱাৰ দিশে গতি কৰিছে৷ হাগ্ৰামা মহিলাৰীক লৈ এতিয়া তোলপাৰ ৰাজ্যৰ ৰাজনীতি। হাগ্ৰামাৰ দিল্লী যাত্ৰাৰ পিছতে এতিয়া গৰম হৈ পৰিছে অসমৰ ৰাজনৈতিক বতাহ। দিল্লীত বিপিএফ প্ৰধানগৰাকীয়ে বিজেপিৰ আৰু আৰএছএছৰ শীৰ্ষ নেতৃত্বক সাক্ষাৎ কৰাক লৈ এতিয়া চৰ্চা চলিছে – বিজেপিত যোগদান কৰিব নেকি হাগ্ৰামা মহিলাৰীয়ে? গেৰুৱা দলটোৱে বিপিএফৰ সৈতে মিত্ৰতা ভংগ কৰাৰ পাছতেই শক্তিহীন হৈ পৰা হাগ্ৰামা মহিলাৰীয়ে শেহতীয়াকৈ আৰ এছ এছৰ অন্যতম শীৰ্ষ নেতা ইন্দ্ৰেশ কুমাৰক সাক্ষাৎ কৰাৰ লগতে বিজেপিৰ সাংগঠনিক সম্পাদক বি এল সন্তোষকো লগ ধৰে৷ সম্প্ৰতি দিল্লীত বাহৰ পাতি মহিলাৰীয়ে বিজেপিৰ শীৰ্ষ নেতাসকলৰ দুৱাৰে দুৱাৰে ঘূৰি ফুৰাক লৈ সৰ্বত্ৰ চৰ্চা আৰম্ভ হৈছে যদিও এতিয়ালৈকে এই সন্দৰ্ভত মহিলাৰীয়ে কোনো প্ৰতিক্ৰিয়া ব্যক্ত কৰা নাই৷ যাৰ ফলত মহিলাৰীয়ে নিজে বিজেপিত যোগদান কৰিব নে বিজেপিৰ সৈতে বিপিএফৰ মিত্ৰতা বিচাৰিছে সেয়া এতিয়াও নিশ্চিত হোৱা নাই৷