বিজেপিত যোগদান আক্ৰাছুৰ প্ৰাক্তন সভাপতি বিশ্বজিৎ ৰায়ৰ
ৰঙিলী বাৰ্ত্তাসেৱা- অৱশেষত গেৰুৱা বসন পিন্ধিলে কোচ-ৰাজবংশীৰ নেতা বিশ্বজিৎ ৰায়ে। বশিষ্ঠস্থিত ভাৰতীয় জনতা পাৰ্টীৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত এক যোগদান কাৰ্যসূচীত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ উপস্থিতত কেইবাজনো কার্যবাহী সদস্য আৰু সাধাৰণ সদস্যক লগত লৈ আনুষ্ঠানিকভাৱে দলটোত যোগদান কৰে বিশ্বজিৎ ৰায়ে। তদুপৰি কোচ ৰাজবংশী জনগোষ্ঠীৰ বিভিন্ন পৰ্যায়ৰ শতাধিক লোকে বিজেপিত যোগদান কৰে।যোগদান কৰিয়ে বিশ্বজিৎ ৰায়ে কয়, “মোৰ চিনাকি হৈছে কোচ ৰাজবংশী ছাত্ৰ সন্থাৰ । এই জনগোষ্ঠীটোৰ ৰাইজৰ আস্থা আৰু বিশ্বাস লৈ আজি মই ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছো । মই ব্যক্তিগত সুবিধাৰ বাবে বিজেপিলৈ অহা নাই, কোচ ৰাজবংশী ৰাইজৰ উন্নয়নৰ স্বাৰ্থতহে আহিছো ।”আনহাতে দুদিন পূৰ্বে কোচ ৰাজবংশীসকলৰ ওপৰত আৰক্ষীৰ আক্ৰমণ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয়, “প্ৰতিবাদৰ দিনা আৰক্ষীয়ে লাঠিচালনা কি কাৰণে কৰিব লগা হ’ল সেই সন্দৰ্ভত মই মুখ্যমন্ত্ৰীক অভিযোগ দি তদন্ত দাবী কৰিছিলো । মুখ্যমন্ত্ৰীয়ে ইতিমধ্যে ব্যৱস্থা গ্ৰহণ কৰিছে । দুগৰাকী অ’চিক নিলম্বন কৰিছে । লগতে এছ পি, ডিএছপিকো তদন্ত আওতালৈ আনিবলৈ নিৰ্দেশ দিছে ।” বিশ্বজিৎ ৰায়ে কয়, “স্পষ্টভাৱে কওঁ ৰাজনীতিত ক্ষমতা লাগিব, হাতত ক্ষমতা থাকিব লাগিব। নিজৰ জনগোষ্ঠীটোৰ মানুহৰ আশা-আকাংক্ষা আগত ৰাখি ৰাজনীতিলৈ আহিছোঁ। দলটোত যোগদান কৰিছোঁ, নিশ্চিতভাৱে প্ৰাৰ্থিত্বৰ বাবে আবেদন কৰিম।” “গণতান্ত্ৰিক ব্যৱস্থা দলটোত আছে। কিন্তু মোক প্ৰাৰ্থীত্ব দিবই বা প্ৰাৰ্থিত্ব দিলেহে বিজেপি কৰিম, তেনে কথা নহয়। এই দলৰ জৰিয়তে কোচ-ৰাজবংশীৰ ৰাইজৰ সেৱা কৰিবলৈ আহিছোঁ।” প্ৰাৰ্থিত্বৰ সন্দৰ্ভত এইদৰে কয় কোচ-ৰাজবংশীৰ নেতাগৰাকীয়ে। লগতে তেওঁ কয়, “প্ৰাৰ্থিত্ব প্ৰথম কথা নহয়, প্ৰাৰ্থীত্ব দিবও পাৰে নিদিবও পাৰে। উপযুক্ত হ’লে হয়টো দলে প্ৰাৰ্থিত্ব দিব আৰু উপযুক্ত নহ’লে প্ৰাৰ্থিত্ব নিদিয়ে। এই কথা নহয় যে, প্ৰাৰ্থীত্ব নাপালে দলটোৰ পৰা আঁতৰি যাম।” নিজৰ সমৰ্থকসকলৰ ইচ্ছাৰ ভিত্তিত ২০২৬ ত প্ৰাৰ্থিত্ব বিচাৰিম বুলি এক প্ৰকাৰে স্পষ্ট কৰি দিছে বিশ্বজিৎ ৰায়ে। নতুনকৈ যোগদান কৰা প্ৰতিজন লোকক আনুষ্ঠানিকভাৱে দললৈ উষ্ম আদৰণি জনায় দলৰ সভাপতি তথা সাংসদ দিলীপ শইকীয়াই।