বিজেপিত নতুন যুৱকেও টিকট পাব, বাঢ়িব মহিলা প্রার্থীঃমুখ্যমন্ত্ৰী

বিজেপিত নতুন যুৱকেও টিকট পাব, বাঢ়িব মহিলা প্রার্থীঃমুখ্যমন্ত্ৰী

ৰঙিলী বাৰ্ত্তাসেৱা- সমাগত বিধানসভা নির্বাচনক লৈ ব্যাপক তৎপৰতা অব্যাহত ৰাখিছে ৰাজ্যৰ শাসকীয় মিত্রজোট নেতৃত্বাধীন বিজেপিয়ে। বিধানসভা নির্বাচনত দলীয় প্রার্থিত্বক লৈ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই এক তাৎপর্যপূর্ণ ইংগিত দিয়ে। তেওঁৰ এই ইংগিততে প্রার্থিত্বৰ ক্ষেত্রত নতুন মুখে অগ্ৰাধিকাৰ পোৱাৰ বিপৰীতে বৰ্তমানৰ একাংশ বিধায়কে টিকট লাভৰ পৰা বঞ্চিত হোৱাৰ সম্ভাৱনা স্পষ্ট হৈ পৰিছে। দলীয় প্রার্থিত্ব সম্পর্কত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত মুখ্যমন্ত্রী ড° শর্মাই কয় যে সাধাৰণতে বিজেপিত মুখৰ পৰিৱৰ্তন হয়। আমাৰ দলত সদায় নতুন উদীয়মান যুৱকে যাতে স্থান পায় আৰু মহিলা প্রার্থীৰ সংখ্যা আগতকৈ বাঢ়ে, তাৰ সদায় চেষ্টা থাকে। এই দুটা প্রচেষ্টা আমাৰ থাকিবই। যোৱাবাৰ যেনেকৈ আমি কৃষ্ণকমল তাঁতীক টিকট দিছিলোঁ, এইবাৰো নতুন ডেকা ল’ৰাই টিকট পাব। কোন সমষ্টিত পাব মই ক’ব নোৱাৰোঁ। কিন্তু নিশ্চিতভাৱে একেবাৰে নতুন যুৱকেও টিকট পাব। ইফালে দলীয় প্রার্থিত্বৰ সিদ্ধান্ত ৰাষ্ট্ৰীয় সভাপতি জে পি নাড্ডাৰ অধ্যক্ষতাত গঠিত কেন্দ্রীয় সংসদীয় কমিটীয়েহে ল’ব বুলি তেওঁ স্পষ্ট কৰি দিয়ে।