বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

 বিজুলী ভৱনত ভয়ংকৰ অগ্নিকাণ্ড

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ পল্টন বজাৰস্থিত বিজুলী ভৱনত সংঘটিত হৈছে এক ভয়ংকৰ অগ্নিকাণ্ড। চাৰি শতাধিক কৰ্মচাৰীয়ে কাম কৰি থকাৰ মাজতে বিয়লি প্রায় চাৰি বজাত বিদ্যুৎ বিভাগৰ মুখ্য কাৰ্যালয় ভৱনটোৰ দ্বিতীয় মহলাত অগ্নিকাণ্ডৰ সূত্রপাত ঘটে। নিমিষতে জুইৰ লেলিহান শিখাই বিজুলী ভৱন ছানি ধৰে আৰু কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ মাজত হাহাকাৰ লাগে। বিয়লি প্রায় ৩.৪৫ বজাত বিজুলী ভৱনৰ দ্বিতীয় মহলাৰ এটা কোঠালিত জুই জ্বলি উঠাৰ পিছত কাৰ্যালয়টোৰ বিষয়া-কৰ্মচাৰীসকল দৌৰি বাহিৰলৈ ওলাই আহি আত্মৰক্ষা কৰে। অগ্নিকাণ্ডৰ কিছুসময় পিছতেই ঘটনাস্থলীত আৰক্ষী আৰু অগ্নিনির্বাপক বাহিনীৰ দল উপস্থিত হৈ প্রায় এঘণ্টা চেষ্টা চলাই জুই নির্বাপণ কৰিবলৈ সক্ষম হয়। ইফালে অগ্নিনির্বাপক বাহিনীৰ লোক উপস্থিত হোৱাৰ পূৰ্বেই দ্বিতীয় মহলাৰ পৰা ষষ্ঠ মহলালৈ জুই বিয়পি পৰে।বিজুলী ভৱনত সংঘটিত অগ্নিকাণ্ডৰ প্ৰকৃত কাৰণ পোহৰলৈ অহা নাই যদিও বৈদ্যুতিক শ্বৰ্ট চাৰ্কিটৰ বাবেই অগ্নিকাণ্ডৰ সূত্রপাত ঘটা বুলি বিজুলী ভৱনৰ কৰ্মচাৰীসকলে সন্দেহ ব্যক্ত কৰে। বিজুলী ভৱনত সংঘটিত এই অগ্নিকাণ্ডত কোনো বিষয়া-কর্মচাৰী হতাহত হোৱা নাই যদিও কাৰ্যালয়টোৰ বহু গুৰুত্বপূৰ্ণ নথিপত্ৰ জ্বলি ছাই হয়।