বিজয়াৰ শেষতেই
মুন শৰ্মা, লখিমপুৰ
জ্বলি যা জ্বলি যা ছাই হৈ উৰি যা
ধোঁৱা হৈ উৰি যা পাতালত পছি যা
এনে বাটে গুচি যা চিৰদিন চিৰকাল
কোনো দিন নাহিবি এই দিশে এটি ক্ষণ
সময়ো উকলিল ৰাজত্ব যে তহঁতৰ
নৱতম প্ৰভাতৰ সমাগত সময়ৰ
নতুনত্ব পৃথিৱীক স্বাগতম স্বাগতম।
ন কইনা ৰূপে আহি মানৱতাই হাঁহিব,
নিৰ্ভেজাল ৰূপতে উমলিব মৰমে,
জাত পাত জাতি ভেদক শিকলিৰে বান্ধিব,
দুৰ্নীতি ব্যভিচাৰ কাৰাগাৰত আবদ্ধ,
অন্যায় প্ৰতি পদে প্ৰতি খোজে পৰাস্ত পৰাস্ত,
ঘৃণা ঘৃণা ধৰ্ষণ কাল বুকুত হেৰাবই হেৰাব।
নিভয়ে ঘৰ সাজি শান্তিয়ে থাকিব,
প্ৰশান্তি মলয়া জগততে বলাব,
এটি দুটি বহুতো এনেকৈয়ে সময়ত,
কেউদিশে এসময়ত থাপনা বোৰ সাজিব,
গাম আমি লগে ভাগে মানৱৰে জয় গান।
গাম আমি লগে ভাগে মানৱ গৰিমাৰ এটি গান।