বিচ্ছেদৰ আত্মবৰ্ণন
সুনম বিশ্বাস, গোৰেশ্বৰ, তামুলপুৰ
দুই পৃথিৱীৰ দুটা মনৰ মিলন হৈছিলহে মাথোঁ
আকাশ-পাতাল পাৰ্থক্য থকা সত্বেও
দুয়োৰে সপোনবোৰে পোঁখা মেলিছিল…
ঠন ধৰি উঠিছিল প্ৰেমৰ কঠীয়াতলী ।।
আলাপ- আলোচনাৰ মোনাখন
ধীৰে-ধীৰে পূৰ্ণ হৈছিল…
মান-অভিমানবোৰে সম্পৰ্কত
নৱ কুঁহিপাতৰ আগমন ঘটাইছিল
সেউজ কৰিছিল দুয়োৰে চৌপাশ।।
হঠাৎ এদিন জলবায়ু পৰিৱৰ্তন হৈছিল,
অবতৰীয়া বৰষুণে তিয়াইছিল মনোজগত
মহেন্দ্ৰ ছাতিয়েও হাৰ মানিলে মুষলধাৰ বৰষুণৰ আগত…
ক্ৰন্দসী বিয়পি এক অদ্ভূত জোঁকাৰণিত
কপঁনি উঠিছিল মৃতিকাৰ…কিন্তু কি হ’ল.??
তেওঁতো সেই পৰিবেষ্টনতো অধৈৰ্য হোৱা নাছিল
বৰঞ্চ ফুটা ছাতিৰ তলত ভগ্নহৃদয় লৈ
অধীৰ অপেক্ষাৰে ৰৈ আছিল
ফৰকাল বতৰৰ আশাপালি…!
কিন্তু সেই বৰষুণজাকে পালে কি সেই তাণ্ডৱ কৰি ??
পাৰিলেনে শুকাই যোৱা প্ৰেমৰ সাগৰখন পৰিপূৰ্ণ কৰিবলৈ??
অজ্ঞতাৰ চকুত পটী বান্ধি চালনিৰ পানীৰে
পাৰিলেনে জীপাল কৰিবলৈ শুষ্ক মৰুভূমিৰ বুকু….??
তাৰ বিপৰীতে মদগৰ্বীৰ বশৱৰ্তী হৈ
সন্দেহৰ মহাৰাজ্যত অবিশ্বাসৰ অগ্নিকুণ্ডত
গোবৰ্ধন ঘিঁ ঢালি ভস্মসাৎ কৰিলে দুটা নিষ্পাপ প্ৰাণক (পাভক…)
এতিয়া প্ৰশান্তিৰে সেই ছাঁইৰ ফুট লগাই ঘূৰে,
জগতত প্ৰেম গুৰুৰ খ্যাতি পাইছে,, আদৰ্শ হৈ উঠিছে দহৰ।।
কেঁচা মাংসৰ সোৱাদ লোৱা নিৰামিষভোজীটোৱে
অৱশেষত বুজিছে নিশ্চয় !!
আপোনত্বৰ বান্ধোনত ইমান টানকৈ গাঁঠি মাৰিব নালাগে বুলি…
পোহ মনা চৰাইৰ সজাৰ দৰকাৰ নহয় বুলি…
পিঞ্জৰাতো সিংস্ৰ জন্তুৰ বাবেহে
তাতে ফুলকুমলীয়া পখিলাক আবদ্ধ কৰিলে
উশাৰুদ্ধ হৈ চটফটাই মৰিব যন্ত্ৰণাত…
উন্মুক্ত গগণৰ মুক্ত বিহংগই প্ৰেমৰ ভাষা বুজে,
সি নিশ্চয় বুজিছে এইখিনি…!!