বিচিত্ৰ মনত লুকাই থাকে আন এটা ৰূপ
হৃদয়খন স্বচ্ছ হ’লেহে
চিনিব পাৰি মানৱতাৰ বুকুৰ মায়াবী
চলনাৰ বিষাক্ত ৰূপ ।
বেদনা ভৰা বিষাদৰ বৰষুণত
উচুপনি বুকুত বান্ধি
কি যুক্তিত মৰি মৰি জীয়াই থাকিবা ।
কিমান ভাল পালে
আশাৰ ঢৌত মিতিৰালি পাতি
হ’ব পাৰি হৃদয়ৰ আপোন ।
সপোন সৰা বাটত
ৰ’দৰ ঠিকনাৰে এজনে আনজনৰ
ভুল বোৰ বুজি সুক্ষ্মদৰ্শীৰে অন্তৰজয় ।
বিচিত্ৰ প্ৰকাশ ভংগীৰ এয়া যে
জীৱনবোধৰ অভিজ্ঞতাৰ মানৱৰ
স্বভাৱগতৰ অসুয়া প্ৰবৃত্তি ।
যমুনা দুলু বৈশ্য
শুৱালকুছি