বিচিচিআয়ে ঘোষণা কৰা দুলীপ ট্ৰফীৰ দলত অসমৰ ২ সন্তান
ৰঙিলী বাৰ্ত্তাসেৱা- বিচিচিআয়ে দুলীপ ট্ৰফীৰ বাবে দল ঘোষণা কৰিছে। অহা ৫ চেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব দুলীপ ট্ৰফীৰ মেচ।অন্ধ প্ৰদেশ অনন্তপুৰ আৰু বেংগলুৰুত অনুষ্ঠিত হ’ব দুলীপ ট্ৰফী মেচ। বিচিচিআয়ে ঘোষণা কৰা দলত স্থান লাভ কৰিছে অসমৰ দুই খেলুৱৈয়ে। তেঁওলোক দুয়ো হৈছে আন্তঃৰাষ্ট্ৰীয় খেলুৱৈ ৰিয়ান পৰাগ আৰু প্ৰতিভাৱন যুৱ খেলুৱৈ আকাশ সেনগুপ্ত। এই দুয়োগৰাকী অসম সন্তানক স্থান দিয়া হৈছে দুলীপ ট্ৰফীত। মুঠ চাৰিটা দলত ভাগ কৰা হৈছে দলসমূহ। টীম এ, বি, চি আৰু ডি। দুলীপ ট্ৰফীত ভাৰতীয় এ দলত স্থান লাভ ৰিয়ান পৰাগৰ আৰু ভাৰতীয় ডি দলত স্থান লাভ আকাশ সেনগুপ্তাৰ। উল্লেখ্য যে ৰোহিত শৰ্মা আৰু বিৰাট কোহলীয়ে এইবাৰ দুলীপ ট্ৰফীত অংশ লোৱাৰ সম্ভাৱনা আছিল যদিও শেহতীয়াকৈ প্ৰকাশ পোৱা দলত দুয়োগৰাকী ক্ৰিকেটাৰৰ নাম নাই । ইফালে দুলীপ ট্ৰফীৰ কোনো খেলুৱৈ আসন্ন বাংলাদেশ ভ্ৰমণত যদি অন্তৰ্ভূক্ত হয়, তেন্তে দুলীপ ট্ৰফীৰ পৰা নাম কৰ্তন কৰা হ’ব।
বিচিচিআয়ে ঘোষণা কৰা ৪টা দলত কোন খেলুৱৈ কোন দলত আছে সেই সম্পৰ্কে তলত উল্লেখ কৰা হ’ল-
ভাৰতীয় A : শুভমন গিল (অধিনায়ক), মায়ংক আগৰৱাল, ৰিয়ান পৰাগ, ধ্ৰুৱ জুৰেল (wk), কে এল ৰাহুল, তিলক বৰ্মা, শিৱম ডুবে, তনুষ কোটিয়ান, কুলদীপ যাদৱ, আকাশ দীপ, প্ৰসিদ্ধ কৃষ্ণ, খলিল আহমেদ, আৱেশ খান, বিদ্বত কাবেৰাপ্পা , কুমাৰ কুশাগ্ৰা, শাসৱত ৰাৱত।
ভাৰতীয় B : অভিমন্যু ঈশ্বৰন (অধিনায়ক), যশস্বী জয়ছোৱাল, সৰফৰাজ খান, ঋষভ পণ্ট (wk), মুছিৰ খান, নীতিশ কুমাৰ ৰেড্ডী, ৱাশ্বিংটন সুন্দৰ, ৰবীন্দ্ৰ জাডেজা, মহম্মদ ছিৰাজ, যশ দয়াল, মুকেশ কুমাৰ, ৰাহুল চহৰ , আৰ সাই কিশোৰ, মোহিত অৱস্থী, এন জগদীশন (wk)।
ভাৰতীয় C : ঋতুৰাজ গাইকৱাদ (অধিনায়ক), সাই সুদৰ্শন, ৰজত পাটিদাৰ, অভিষেক পোৰেল (wk), সূৰ্যকুমাৰ যাদৱ, বাবা ইন্দ্ৰজিথ, হৃতিক শোকিন, মানৱ সুথাৰ, উমৰাণ মালিক, ব্যাশক বিজয়কুমাৰ, অংশুল খাম্বোজ, হিমাংশু চৌহান, মায়ংক মাৰ্কাণ্ডে, আৰিয়ান জুৱাল (wk), সন্দীপ ৱাৰিয়ৰ।
ভাৰতীয় D : শ্ৰেয়ছ আয়েৰ (অধিনায়ক), অথৰ্ব টাইডে, যশ ডুবে, দেৱদত পদ্দিকল, ঈশান কিষাণ (wk), ৰিকি ভুই, সৰণশ জৈন, অক্ষৰ পেটেল, আৰ্শদীপ সিং, আদিত্য ঠাকাৰে, হৰ্ষিত ৰাণা, তুষাৰ দেশপাণ্ডে, আকাশ সেনগুপ্তা, কে এছ ভাৰত (wk), সৌৰভ কুমাৰ।