বিচিচিআইৰ সৈতে সম্পৰ্ক ছিন্ন ড্রীম ইলেভেনৰ

বিচিচিআইৰ সৈতে সম্পৰ্ক ছিন্ন ড্রীম ইলেভেনৰ

ৰঙিলী বাৰ্ত্তাসেৱা- এছিয়া কাপ ৫ৰ বাবে মাজত আৰু মাত্ৰ কেইটামান দিন। ইতিমধ্যে প্ৰতিযোগিতাৰ বাবে ভাৰতীয় দল ঘোষণা কৰা হৈছে। পিছে এই প্ৰতিযোগিতাত ভাৰতীয় দলৰ জাৰ্চিত দেখা যাব পাৰে বৃহৎ পৰিৱৰ্তন। প্ৰকাশিত খবৰ অনুসৰি ফেণ্টাচি স্প’ৰ্টছ প্লেটফৰ্ম ড্রীম ইলেভেন ভাৰতীয় ক্ৰিকেট দলৰ জাৰ্চিৰ মুখ্য স্প’নচৰশ্বিপৰ পৰা বাদ পৰিব পাৰে। সদ্যসমাপ্ত বর্ষাকালীন অধিৱেশনত পাছ হোৱা ‘দ্য প্রমোচন এণ্ড ৰেগুলেচন অৱ অনলাইন গেমিং বিল’ৰ বাবেই স্প’নছৰ অবিহনেই এছিয়া কাপ খেলিব ভাৰতে। উল্লেখ্য যে এই বিলত ড্রীম ইলেভেন, মাই ইলেভেন চাকোলৰ দৰে ফেণ্টাচী এপসমূহ বন্ধ কৰাৰ কথা আছে। সেই বাবেই এইবাৰ ভাৰতীয় দলৰ সৈতে সম্পর্ক ছিন্ন কৰিছে ড্রীম ইলেভেনৰ দৰে স্প’নছৰাৰে। উল্লেখ্য যে ড্রীম ইলেভেনৰ সৈতে অহা বছৰৰ মাৰ্চ পর্যন্ত বিচিচিআইৰ চুক্তি আছে। প্রধান স্প’নছৰ হিচাপে তিনি বছৰত ৩৫৮ কোটি টকাৰ চুক্তি হৈছিল দুই পক্ষৰ মাজত। ভাৰতৰ পুৰুষ আৰু মহিলা ক্রিকেট দলৰ লগতে ১৯ বছৰ অনূর্ধ্ব দলৰ জাৰ্ছীতো থাকে ড্রীম ইলেভেনৰ স্প’নছৰ আছিল। ইপিনে, সহযোগী স্প’নছৰ হিচাপে পাঁচ বছৰৰ বাবে বিচিচিআইৰ সৈতে চুক্তি কৰিছিল মাই ইলেভেন চার্কোলে। কিন্তু আইনত পৰিণত হোৱা বিলখনৰ বাবে এই সংস্থাকেইটাই বৈধতা হেৰুৱাব। ড্রীম ইলেভেনে ইতিমধ্যে ব’ৰ্ডৰ সৈতে সম্পর্ক ছিন্ন কৰা বুলি খবৰ প্ৰকাশিত হৈছে।  উল্লেখ্য যে ভাৰতীয় ক্রিকেট ব’ৰ্ডৰ তৰফৰ পৰা সচিব দেৱজিৎ শইকীয়াই পূর্বেই এই সম্পর্কে মন্তব্য কৰিছিল। তেওঁ উল্লেখ কৰিছিল যে সমগ্র দেশত যি আইন আছে, সেই আইন ব’র্ডেও মানি চলিবলৈ বাধ্য। কেন্দ্রীয় চৰকাৰে যি নীতি নির্ধাৰণ কৰে, সেয়া মানি চলিব ক্ৰিকেট ব’ৰ্ডে। খবৰ অনুসৰি ইতিমধ্যে নতুন স্প’নছৰৰ বাবে প্ৰক্ৰিয়া আৰম্ভ কৰিছে বিচিচিআয়ে। অৱশ্যে ৯ ছেপ্টেম্বৰৰ পূৰ্বে স্প’নছৰ নাপালে প্রতিযোগিতাখনত কোনো স্প’নছৰৰ চিহ্ন অবিহনে খেলিব টীম ইণ্ডিয়াই।