বিচিচিআইৰ নিৰ্দেশত আইপিএলৰ পৰা বাদ পৰিল মুস্তাফিজুৰ

বিচিচিআইৰ নিৰ্দেশত আইপিএলৰ পৰা বাদ পৰিল মুস্তাফিজুৰ

ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰতীয় ক্রিকেট নিয়ন্ত্রণ ব’ৰ্ড(বিচিচিআই)ৰ নিৰ্দেশ পোৱাৰ পিছতে বাংলাদেশৰ মুস্তাফিজুৰ ৰহমানক আগন্তুক আইপিএলত দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে কলকাতা নাইট ৰাইডাৰ্ছে। শেহতীয়াকৈ হোৱা আইপিএলৰ নিলামত কলকাতা নাইট ৰাইডাৰ্ছে ৯.২০ কোটি টকাৰ বৃহৎ ধনৰাশিৰে বাংলাদেশী পেচাৰ মুস্তাফিজুৰক ক্ৰয় কৰিছিল । কিন্তু শেহতীয়া ৰাজনৈতিক পৰিস্থিতিৰ পিছত মুস্তাফিজুৰক ক্ৰয় কৰাক লৈ বিতৰ্কৰ সূত্রপাত হয়। এই বিষয়ত সাধাৰণ লোকৰ লগতে ৰাজনৈতিক দলসমূহেও তীব্র ক্ষোভ প্রকাশ কৰিছিল। এনে বিতৰ্কৰ পিছত বিচিচিআয়ে মুস্তাফিজুৰ ৰহমানক এই বৰ্ষৰ আইপিএলৰ পৰা বহিষ্কাৰ কৰাৰ সিদ্ধান্ত গ্রহণ কৰে। বিচিচিআয়ে কলকাতা নাইট ৰাইডাৰ্ছ কর্তৃপক্ষক বাংলাদেশী বলাৰজনক নিজৰ দলৰ পৰা অতি সোনকালে মুকলি কৰি দিবলৈ নির্দেশ দিছিল। বাংলাদেশী পেচাৰ মুস্তাফিজুৰক দলৰ পৰা মুকলি কৰিবলৈ বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই কলকাতা নাইট ৰাইডাৰ্ছলৈ এক পত্র লিখিছিল। ব’ৰ্ডৰ পৰা এই পত্ৰ লাভ কৰাৰ পিছতে কলকাতাই মুস্তাফিজুৰক দলৰ পৰা বাদ দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰে। বাংলাদেশী খেলুৱৈগৰাকীৰ স্থানত আন যিকোনো বিদেশী খেলুৱৈক কলকাতাই  ল’ব পাৰিব বুলি বিচিচিআইৰ সচিব দেৱজিৎ শইকীয়াই সংবাদ প্ৰতিষ্ঠানৰ আগত সদৰী কৰে।