বিগত ১০ বছৰত বিশ্বত মুছলমান জনসংখ্যা ৩৪.৭ কোটি বৃদ্ধি
ৰঙিলী বাৰ্ত্তাসেৱা- আন্তর্জাতিক সংস্থা ‘পিউ’ৰ প্ৰতিবেদনত চাঞ্চল্যকৰ তথ্য প্রকাশ। বিশ্বৰ সৰ্বাধিক মুছলিম জনসংখ্যাৰ দেশ হোৱাৰ দিশে ভাৰত। আন্তর্জাতিক সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদনত বিগত ১০ বছৰে মুছলমান জনসংখ্যা বিশ্বত ৩৪.৭ কোটি বৃদ্ধি পাইছে। এই বৃদ্ধি বিশ্বৰ সকলো ধৰ্মৰ মুঠ জনসংখ্যা বৃদ্ধিতকৈ অধিক। ২০১০ চনত বিশ্বত মুছলিম সম্প্রদায়ৰ জনসংখ্যা আছিল ২৩.৯ শতাংশ। কিন্তু ২০২০ চনত এই সংখ্যা বাঢ়ি গৈ ২৫.৬ শতাংশ হৈছে। লক্ষণীয় যে মুছলমান সম্প্ৰদায়ৰ জন্মৰ হাৰ মৃত্যুতকৈ অধিক বেছি। ইয়াৰ লগতে ধৰ্মান্তৰকৰণো জড়িত হৈ আছে যদিও ধৰ্মান্তৰকৰণৰ পৰিমাণ কম। মুছলিম জনসংখ্যা সকলোতকৈ বেছি বৃদ্ধি পাইছে এছিয়া আৰু প্রশান্ত মহাসাগৰীয় অঞ্চলত। পিউৰ প্ৰতিবেদন অনুসৰি ২০৫০ চনৰ ভিতৰতে বিশ্বৰ মুছলিম জনসংখ্যা ২.৮ নিযুত বৃদ্ধি পাব। সেই হিচাপত ২০৫০ চনৰ ভিতৰতে ইণ্ডোনেছিয়াক অতিক্ৰম কৰি বিশ্বৰ সবাতোকৈ বেছি মুছলিম জনসংখ্যাৰ দেশ হৈ পৰিব ভাৰত। আনপিনে প্রতিবেদনত উল্লেখ কৰা মতে, ২০১০ চনৰ পৰা হিন্দুৰ জনসংখ্যা বৃদ্ধি পাইছে ১২ শতাংশ। ই হৈছে বিশ্বৰ মুঠ জনসংখ্যা বৃদ্ধিৰ প্ৰায় সমান। ২০২০ চনত বিশ্বত হিন্দুৰ জনসংখ্যা ১.২ মিলিয়ন। অর্থাৎ ই হৈছে বিশ্বৰ মুঠ জনসংখ্যাৰ ১৪.৯ শতাংশ। আনপিনে সকলোতকৈ অধিক হিন্দু জনসংখ্যাৰ দেশ ভাৰতত হিন্দুৰ জনসংখ্যা কিছু হ্রাস পাইছে। প্রতিবেদন অনুসৰি ২০১০ চনত ভাৰতত হিন্দুৰ জনসংখ্যা আছিল ৮০ শতাংশ। কিন্তু ২০২০ চনত হিন্দুৰ জনসংখ্যা ৭৯ শতাংশলৈ হ্রাস পাইছে। আনপিনে মুছলিম সম্প্রদায়ৰ জনসংখ্যা ১৪.৩ শতাংশৰ পৰা বৃদ্ধি হৈ ১৫.২ শতাংশ হৈছে। অর্থাৎ ১০ বছৰত ভাৰতত মুছলিম সম্প্ৰদায়ৰ জনসংখ্যা ৩.৫ কোটি বৃদ্ধি পাইছে। এই বৃদ্ধিৰ কাৰণ হৈছে জন্মৰ হাৰ মুছলিম সম্প্ৰদায়ৰ অধিক।