বিকৃত মানসিকতাৰ পুলিচক কোনে নাকী লগাব ? – দেবর্ষি গৌতম

বিকৃত মানসিকতাৰ পুলিচক কোনে নাকী লগাব ?

দেবর্ষি গৌতম, বনগাঁও

পুলিচক সাধাৰণ জনতাৰ ৰক্ষক হিচাপে গণ্য কৰা হয়। সমাজৰ প্ৰতিটো আইন শৃংখলা পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সকলোৱে পুলিচৰ ওচৰলৈ যায়। কিন্তু সাধাৰণ জনতাৰ ৰক্ষক বুলি গণ্য কৰা পুলিচে যদি নিজে ৰক্ষকৰ পৰা ভক্ষকৰ ভূমিকাত অৱতীৰ্ণ হয় তেনেহলে পুলিচক কোনে নিয়ন্ত্ৰণ কৰিব তাকে লৈ এটা ডাঙৰ প্ৰশ্ন চিহ্নৰ সৃষ্টি হবলৈ আৰম্ভ হৈছে। সংবাদ শিৰোনামা  দখল কৰা নলবাৰী জিলাৰ ঘগ্ৰাপাৰ আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগে পুলিচ বিভাগৰ ভিতৰে বাহিৰে তোলপাৰ লাগিছে। উত্থাপিত অভিযোগ অনুসৰি ভাৰপ্ৰাপ্ত বিষয়া গৰাকীয়ে এগৰাকী নাবালিকাক ৰাতি থানাৰ ভিতৰতে শাৰীৰিক নিৰ্যাতন চলাইছে। অভিযোগ উত্থাপন হোৱাৰ লগে লগে আৰক্ষী বিষয়া গৰাকীৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হয়। সংবাদ মাধ্যমত প্ৰচাৰিত বাতৰি অনুসৰি আৰক্ষী বিষয়া গৰাকীয়ে বহু কেইগৰাকী উচ্চপদস্থ আৰক্ষী বিষয়া তথা অন্য লোকৰ সৈতে টেলিফোনত বাৰ্তালাপ কৰাৰ পিছতে নাটকীয় ভাবে অন্তৰ্ধান হয়। আৰক্ষী বিষয়া গৰাকী নাটকীয় ভাবে অন্তৰ্ধান হোৱাৰ লগে লগে সাধাৰণ লোকৰ মনত বিভিন্ন প্ৰশ্নৰ অৱতাৰণা হৈছে। অসম আৰক্ষীত যিবোৰ অপৰাধ প্ৰৱণতাৰ মানসিকতা থকা লোকে জড়িত হৈ আছে তেনেকুৱা লোকসকলক যদি অতি সোনকালে চিনাক্ত কৰিব পৰা নহয় তেনেহলে হয়তো এনেকুৱা ধৰণৰ ঘটনা নিয়মীয়া অন্তৰালৰ মূৰে মূৰে সংঘটিত হৈ থকাটো এক স্বাভাৱিক ঘটনাৰ দৰে হৈ পৰিব। এগৰাকী সাধাৰণ অপৰাধীৰ বিৰুদ্ধে আৰক্ষীয়ে যিদৰে তীব্ৰ অভিযান চলাই অপৰাধীক কৰায়ত্ত কৰিবলৈ চেষ্টা চলাই ঠিক একেদৰে অপৰাধ সংঘটিত কৰাৰ অভিযোগ উত্থাপন হোৱা এগৰাকী আৰক্ষী বিষয়ৰ বিৰুদ্ধেও ঠিক একে অভিযান চলাবলৈ আৰক্ষীয়ে সাহস গোটাব পাৰিব নে ? নে আৰক্ষী বিভাগৰ লোক হোৱাৰ সুবাদতে আইনৰ সুৰুঙা ব্যৱহাৰ কৰি সাৰি যাব ? আৰক্ষীৰ বিৰুদ্ধে যদি সদায় এনেধৰণৰ অভিযোগ উত্থাপন হৈ থাকে তেনেহলে সাধাৰণ জনতাৰ মনত আৰক্ষী নায়ক হোৱাৰ পৰিবৰ্তে খলনায়ক হিচাপেহে স্থান লাভ কৰিব। অভিযোগ উত্থাপন হোৱাৰ পিছ মুহূৰ্ততে বিষয়া এগৰাকী অন্তৰ্ধান হোৱা ঘটনাই মানুহৰ মনত সন্দেহৰ বীজ ৰোপণ কৰিছে। যদি বিষয়া গৰাকী উত্থাপন হোৱা অপৰাধৰ লগত প্ৰত্যক্ষ অথবা পৰোক্ষ ভাবে জড়িত নহয় তেন্তে কিয় আত্মগোপন কৰিবলগীয়া হৈছে। পুলিচ আৰু বিতৰ্ক বৰ্তমান সময়ত একেটা মুদ্ৰাৰ ইপিঠি সিপিঠি যেন হৈ পৰিছে। বিতৰ্কিত আৰু ভ্ৰষ্টাচাৰৰ লগত জড়িত একাংশ পুলিচৰ বাবে পুলিচ-প্ৰশাসনে কৰা ভাল কামবোৰ সদায়ে তল পৰি থাকে। পুলিচ-প্ৰশাসনে কৰা ভাল কামবোৰৰ পৰিবৰ্তে অনবৰতে বেয়া কামবোৰৰ সমালোচনা বেছিকৈ হয়। দৰাচলতে ভাল কামবোৰৰ আলোচনা অধিক হোৱাতকৈ বেয়া কামবোৰৰ সমালোচনা আমাৰ সমাজৰ অধিক হোৱাটো যেন এক পৰম্পৰা হিচাপে গঢ় লৈ উঠিছে। আনক ভাল কৰিবলৈ উপদেশ দিয়াৰ আগতে নিজে ভাল হৈ আৰ্হি দেখালে কোনেও সমালোচনা কৰাৰ সুযোগ নাপায়। এনেকুৱা অপৰাধ জনিত অভিযোগ উত্থাপন হোৱাৰ পিছত পুলিচ বিভাগৰ কৰ্মচাৰী আৰু বিষয়া সকলৰ মাজত যদি সংস্কাৰ সাধন কৰা নহয় তেনেহলে সাধাৰণ জনতাই পুলিচক কেতিয়াও ৰক্ষক হিচাপে বিশ্বাসত লব নোৱাৰিব। নলবাৰী জিলাৰ ঘগ্ৰাপাৰ থানাৰ ভাৰপ্ৰাপ্ত বিষয়া গৰাকীৰ বিৰুদ্ধে উত্থাপিত হোৱা অভিযোগটোৱে অসম আৰক্ষীৰ বিৰুদ্ধে উত্থাপিত শেষ অভিযোগ হওক। আৰক্ষীৰ উচ্চ পদস্থ বিষয়া সকলে এই ক্ষেত্ৰত অতি কঠোৰৰ পৰা কঠোৰতম ব্যৱস্থা গ্ৰহণ কৰি এক নজীৰ সৃষ্টি কৰক যাৰ জৰিয়তে পৰৱৰ্তী সময়ত কোনোৱে নিজৰ দায়িত্ব আৰু কৰ্তব্য পাহৰি অন্য অপৰাধমূলক কামত নিজকে নিয়োজিত কৰিবলৈ সাহস গোটাব নোৱাৰে।