বিকাশৰ ১২ দিন শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ

বিকাশৰ ১২ দিন শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ

ৰঙিলী বাৰ্ত্তাসেৱা-   অসমৰ প্ৰতিখন জিলাৰ জনতাক সহায়ৰ বাবে বুধবাৰৰ পৰা ৰাজ্য চৰকাৰে আৰম্ভ কৰিলে “বিকাশৰ ১২ দিন”। ‘বিকাশৰ ১২ দিন’ শীর্ষক কাৰ্যসূচীৰ শুভাৰম্ভ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই আজি সৰুসজাই ক্রীড়া প্রকল্পত কামৰূপ আৰু কামৰূপ (মহানগৰ) জিলাৰ বাবে প্ৰজ্ঞান ভাৰতী আঁচনিৰ ড° বাণীকান্ত কাকতি মেধা বঁটাৰ অধীনত স্কুটাৰ, মুখ্যমন্ত্ৰীৰ বিশেষ আঁচনিৰ অধীনত নৱম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ-ছাত্ৰীক চাইকেল আৰু আনন্দৰাম বৰুৱা বঁটাৰ অধীনত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীলৈ ডিবিটিযোগে নগদ পুৰস্কাৰ প্ৰদান কৰে। স্কুটাৰ লাভ কৰা কৃতী ছাত্ৰ- ছাত্রীসকলক ড্রাইভিং লাইচেঞ্চ আৰু হেলমেট অবিহনে নচলাবলৈ পৰামৰ্শ দি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে স্কুটাৰৰ লগতে ইয়াৰ বাবেই চৰকাৰে হেলমেট এটাও যোগান ধৰিছে। যিসকলৰ এতিয়াও ড্রাইভিং লাইচেঞ্চ নাই, তেওঁলোকে অতি সোনকালে ড্রাইভিং লাইচেঞ্চ লওক। অনুষ্ঠানত ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ৰাজ্যখনৰ বিকাশৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে আজিৰে পৰা বিকাশৰ ১২ দিন কাৰ্যসূচী আৰম্ভ কৰা হৈছে। এই সময়ছোৱাত কেইবাটাও জনহিতৈষী আঁচনি ৰাইজৰ বাবে আগবঢ়োৱা হ’ব। ইয়াৰ জৰিয়তে লাখ লাখ ছাত্ৰ-ছাত্ৰী আৰু দৰিদ্ৰ পৰিয়াল লাভান্বিত হ’ব। শিক্ষা বিভাগৰ তিনিটা গুৰুত্বপূৰ্ণ আঁচনি এই সময়ছোৱাত ৰাইজৰ মাজলৈ লৈ যোৱা হ’ব। প্রতিবছৰে শিক্ষা বিভাগে হাইস্কুল শিক্ষান্ত পৰীক্ষাত মেধাৰ সৈতে উত্তীর্ণ হোৱা ৭৫ শতাংশ বা ততোধিক নম্বৰ লাভ কৰা ছাত্ৰ-ছাত্ৰীসকলক আনন্দৰাম বৰুৱা বঁটা প্ৰদান কৰি আহিছে। এই বছৰ ৰাজ্যৰ ২৬,৯৬৯গৰাকী ছাত্র-ছাত্রীক অহা ১২ দিনত আনন্দৰাম বৰুৱা বঁটা হিচাপে বিদ্যার্থী সমাজৰ শিক্ষাগ্রহণৰ সুবিধার্থে ১২,৫০০ টকা নিজৰ বেংক একাউণ্টযোগে লাভ কৰিব। এই আঁচনিখন আৰম্ভ হোৱাৰে পৰা ৰাজ্যৰ ৪,৪০,৫৮৩গৰাকী ছাত্র-ছাত্রী এই আঁচনিখনৰ জৰিয়তে উপকৃত হৈছে। ৰাজ্য চৰকাৰে আৰম্ভ কৰা আন এখন গুৰুত্বপূৰ্ণ আঁচনি হৈছে ড° বাণীকান্ত কাকতি বঁটা। এই বঁটাৰ জৰিয়তে উচ্চতৰ মাধ্যমিক পৰীক্ষাত যিসকল ছাত্রীয়ে প্রথম বিভাগত উত্তীর্ণ হয়, তেওঁলোকৰ বাবে ৰাজ্য চৰকাৰে একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে আগবঢ়ায় আৰু যিসকল ছাত্রই ৭৫ শতাংশতকৈ অধিক নম্বৰ লাভ কৰিবলৈ সক্ষম হয়, তেওঁলোকৰ বাবেও একোখনকৈ স্কুটাৰ আগবঢ়োৱা হয়। পূৰ্বৰ সকলো অভিলেখ ভংগ কৰি এইবাৰ ৰাজ্যৰ ৪৮,৬৭৩গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা একোখনকৈ স্কুটাৰ উপহাৰ হিচাপে লাভ কৰিব। ৰাজ্যৰ শিক্ষা ব্যৱস্থা আৰু শিক্ষাগ্রহণক সহজলভ্য কৰি তোলাৰ বাবে নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক একোখনকৈ চাইকেল যোগানৰ ব্যৱস্থা কৰা হৈছে। এই বছৰ অহা ১২টা দিনৰ ভিতৰত ৰাজ্যৰ ৩,২৩,৬৪০ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে ৰাজ্য চৰকাৰৰ পৰা চাইকেল লাভ কৰিব। বিকাশৰ দিনৰ সময়ছোৱাত বিধ্বংসী বানে ক্ষতিগ্রস্ত কৰা ৬,৮৬,৪৮৭ পৰিয়াললৈ ৩৫৩ কোটি টকা বান সাহায্য হিচাপে ডিবিটিযোগে আগবঢ়োৱা হ’ব। মাইক্র’ ফাইনেঞ্চৰ পৰা ৫০ হাজাৰ টকাপর্যন্ত ঋণ লোৱা মহিলাসকলৰ বাবে ৰাজ্য চৰকাৰে ঋণমুক্ত প্রমাণ-পত্ৰ বিতৰণ কৰিব। এই সময়ছোৱাৰ ভিতৰতে ৰাজ্যৰ উদ্যোগ বিভাগে প্রধানমন্ত্রী ক্ষুদ্র খাদ্য সংসাধন আঁচনিৰ জৰিয়তে ৬,৪৯০ গৰাকী আত্মসহায়ক গোটৰ সদস্যক ২১ কোটি টকা প্ৰাৰম্ভিক মূলধন হিচাপে আগবঢ়াব। সেইদৰে অহা ১৫ ডিচেম্বৰত ৰাজ্যৰ প্ৰায় ২০ লাখ লোকক ৰেচন কার্ড প্রদান কৰা হ’ব। এনেদৰে অহা ১২টা দিনত ৰাজ্যৰ প্ৰায় ১১ লাখ পৰিয়াল অসম চৰকাৰৰ বিভিন্ন আঁচনিৰ দ্বাৰা উপকৃত হ’ব।  ভাষণত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ছাত্ৰ-ছাত্ৰীৰ বাবে আগবঢ়োৱা বঁটা দুগৰাকী মহান মনীষীৰ নামত উৎসর্গিত কৰা হৈছে। ড° বাণীকান্ত কাকতি আৰু আনন্দৰাম বৰুৱা ৰাজ্যৰ বিদ্যায়তনিক ক্ষেত্ৰখনৰ পুৰোধা ব্যক্তি আছিল। ভাষাতত্ত্ববিদ ড° বাণীকান্ত কাকতিয়ে কটন কলেজত অধ্যক্ষৰ দায়িত্বভাৰ গ্ৰহণ কৰিছিল। গভীৰ পাণ্ডিত্যৰ পৰিচয় দি গুৱাহাটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বীৰ দায়িত্বও পালন কৰিছিল। তেওঁ তত্ত্বগধুৰ গ্ৰন্থ ৰচনা কৰি অসমীয়া সাহিত্য জগতখনক সমৃদ্ধ কৰি থৈ গৈছে। এই বছৰটো অসমবাসীৰ বাবে গৌৰৱৰ বছৰ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে ড° বাণীকান্ত কাকতিৰ দৰে যিসকল সাহিত্যিকে অসমীয়া ভাষাটো জগতসভালৈ লৈ গৈছিল আৰু চিৰ চেনেহী মোৰ ভাষা জননীৰ বাবে অকৃত্রিম সেৱা আগবঢ়াইছিল, পাণ্ডিত্যৰে অসমীয়া ভাষা-সাহিত্যক জিলিকাই তুলিছিল তেওঁলোকৰ বাবে এক শ্রদ্ধাঞ্জলি হিচাপে এই বছৰটোতে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে অসমীয়া ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰিছে। প্রধানমন্ত্রী মোদীয়ে অসমীয়া আৰু বাংলা ভাষাক ধ্রুপদী ভাষাৰ মৰ্যাদা প্রদান কৰি দুয়োটা ভাষাকে পৃথকভাৱে স্বীকৃতি দি অসমীয়া ভাষাক জগতসভালৈ লৈ যোৱাৰ বাবে ঐতিহাসিক সিদ্ধান্ত গ্রহণ কৰে। চতুর্থ শতিকাতে অসমীয়া ভাষাই শিলালিপিৰ জৰিয়তে আত্মপ্ৰকাশ কৰিছিল। অসমীয়া ভাষাৰ ইতিবৃত্ত, চতুৰ্থ শতিকাৰ পৰা অসমীয়া ভাষাৰ বিকাশ, বিৱৰ্তনৰ মাজেৰে আহি অসমীয়া ভাষাই আধুনিক ভাষালৈ ৰূপান্তৰিত হৈছিল। এই বিষয়ে ছাত্র-ছাত্রীসকলক অধ্যয়ন কৰিবলৈ আহ্বান জনাই মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শর্মাই কয় যে অসম প্রকাশন পৰিষদৰ ৱেবছাইটত অসমীয়া ভাষাৰ সৃষ্টি আৰু ইয়াৰ বিৱৰ্তন এই সমগ্র বিষয় অসমীয়া ভাষাতে লিপিবদ্ধ কৰিছে। সেইদৰে আনন্দৰাম বৰুৱা অসমৰ সমাজ জীৱন তথা আধুনিক জীৱনৰ বাবে এক আদর্শ বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই কয় যে ভাৰতবৰ্ষৰ পঞ্চম আৰু অসমৰ প্ৰথমগৰাকী অসমীয়া আইএএছ বিষয়া আছিল আনন্দৰাম বৰুৱা। দেশৰ প্ৰথমগৰাকী ভাৰতীয় জিলা আযুক্ত আছিল আনন্দৰাম বৰুৱা। আনন্দৰাম বৰুৱা সংস্কৃতত বিদগ্ধ পণ্ডিত আছিল আৰু মেক্সমূলাৰৰ দৰে পণ্ডিতে আনন্দৰাম বৰুৱাক প্রশংসাৰে ওপচাই দিছিল। সংস্কৃতত আনন্দৰাম বৰুৱাৰ পাণ্ডিত্যই সমগ্ৰ বিশ্বৰে দৃষ্টি আকর্ষণ কৰিছিল। এই দুইগৰাকী মহান পূজাৰীয়ে অসমীয়া জাতিক চিৰকাললৈ গর্বিত কৰিলে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই আৰু কয় যে দৰিদ্ৰতাৰ বাধা নেওচি শিক্ষা সকলোৰে বাবেই হওক আৰু শিক্ষাই প্ৰতিগৰাকী ছাত্ৰ-ছাত্ৰীৰ জীৱন স্পৰ্শ কৰক সেই উদ্দেশ্য আগত ৰাখি অসম চৰকাৰে ছাত্ৰ-ছাত্ৰীসকলৰ কল্যাণৰ বাবে নিৰন্তৰভাৱে আঁচনি গ্রহণ কৰি আহিছে। মুখ্যমন্ত্ৰীয়ে কয় যে দেশৰ ভিতৰতে অসম এনেকুৱা এখন ৰাজ্য যিখন ৰাজ্যই বিদ্যার্থীক কলেজত পঢ়াৰ বাবে বিনামূলীয়াকৈ নামভৰ্তিৰ ব্যৱস্থা কৰি দিয়ে। তেওঁ কয় যে এইবছৰ ৰাজ্যখনত ৯৪,৮৩৮ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে বিনামূলীয়াকৈ নামভৰ্তিৰ সুযোগ লাভ কৰিছে। তেওঁ লগতে কয় যে অসম এনে এখন ৰাজ্য, য’ত হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক পৰীক্ষা দিবৰ বাবে পৰীক্ষাৰ মাচুলো ৰাজ্য চৰকাৰে বহন কৰে। ৰাজ্য চৰকাৰে ছাত্ৰীসকলক আগুৱাই নিয়াৰ বাবে নিযুত মইনা আঁচনি ৰূপায়ণ কৰিছে। ইয়াৰ জৰিয়তে ছাত্রীসকলে উচ্চতৰ মাধ্যমিকৰ পৰা স্নাতকোত্তৰ স্তৰলৈ পঢ়িলে এক হাজাৰৰ পৰা আঢ়ৈ হাজাৰ টকাকৈ প্রতি মাহে লাভ কৰে। তেওঁ কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ দিনতে চাহ বাগিচাত ২২৪খন হাইস্কুল স্থাপন কৰাৰ বাবে সুদূৰপ্ৰসাৰী সিদ্ধান্ত লৈ ইয়াক কাৰ্যকৰী কৰা হৈছে। সর্বাংগসুন্দৰ অসম গঢ়াৰ যাত্ৰাত বৰ্তমানৰ ৰাজ্য চৰকাৰে আগবাঢ়িছে বুলিও তেওঁ কয়। ৰাজ্যখনত ২৩খন মেডিকেল কলেজৰ নিৰ্মাণৰ কাম চলি আছে। দৰং, হাইলাকান্দি আৰু হোজাইত আৰু তিনিখন নতুন মেডিকেল কলেজৰ কাম হাতত লোৱা হ’ব বুলিও তেওঁ কয়। ভাষণ প্রসংগত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনৰ প্রতিখন জিলাতে বিশ্ববিদ্যালয়ৰ কাম হয় আৰম্ভ নাইবা সমাপ্ত হৈছে। ৰাজ্যখনৰ প্রতিখন জিলাতে চিকিৎসা মহাবিদ্যালয়, বিশ্ববিদ্যালয় আৰু ব্ৰহ্মপুত্ৰৰ ওপৰত দলং নিৰ্মাণৰ দৰে বিশাল কর্মযজ্ঞ বৰ্তমানৰ ৰাজ্য চৰকাৰে আৰম্ভ কৰিছে। স্বাধীনতাৰ পাছত কোনেও কল্পনা কৰিব নোৱৰা এখন নতুন অসমৰ বুনিয়াদ নিৰ্মাণ কৰা হৈছে বুলিও তেওঁ উল্লেখ কৰে। মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে প্ৰেৰণা দিব পাৰে, কিন্তু প্রত্যেকজন ছাত্র-ছাত্রীয়ে সপোন দেখাৰ সাহস গোটাব লাগিব। মেধাৱী ছাত্ৰ- ছাত্ৰীসকলে নিজৰ জীৱনক পূর্ণতা দিবলৈ একো একোজন উপযুক্ত নাগৰিক হিচাপে নিজক নিৰ্মাণ কৰিবলৈ যত্ন কৰিব লাগিব বুলিও তেওঁ কয়। বৰ্তমানৰ ৰাজ্য চৰকাৰে চৰকাৰী চাকৰি লাভৰ বাবে পূর্বে চলি থকা দুর্নীতিৰ সমস্ত ব্যৱস্থাটোক মষিমূৰ কৰি পেলাইছে। যোৱা পাঁচ বছৰত মানসিকতাৰ পৰিৱৰ্তন হৈছে বুলিও তেওঁ কয়। অকল অসম চৰকাৰৰ চাকৰিয়ে নহয়, ভাৰত চৰকাৰৰ চাকৰি, স্টার্টআপ, উদ্যমিতা, দক্ষতা সকলো ক্ষেত্রতে আগুৱাই যোৱাৰ বাবে এক মানসিক শক্তি আহৰণ কৰিব লাগিব বুলিও তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে আজি ৰাজ্যখনৰ উন্নতিৰ মূল কাৰণ হৈছে আন্দোলন বিৱৰ্জিত পৰিৱেশ। অর্থনৈতিক ক্ষেত্রত অসম আগুৱাই গৈছে। দৰিদ্ৰতাৰ পৰা ৮০ লাখ লোক মুক্ত হৈছে আৰু  চাৰিওফালে বিকাশৰ এক নতুন কর্মযজ্ঞ আহিবলৈ আৰম্ভ কৰিলে। অসমীয়া যুৱক-যুৱতীয়ে বৰ্তমান কর্ম সংস্কৃতি, শিক্ষা, ক্রীড়া, সাংস্কৃতিক আন্দোলন কৰিব খোজে বুলিও তেওঁ মন্তব্য কৰে।এই অনুষ্ঠানত মন্ত্রী ডাঃ ৰণোজ পেণ্ড, অতুল বৰা, চন্দ্ৰমোহন পাটোৱাৰী, বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতা, হেমাংগ ঠাকুৰীয়া, দিগন্ত কলিতা, সুমন হৰিপ্রিয়া, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়া, প্রাক্তন সাংসদ কুইন ওজা, শিক্ষা বিভাগৰ সচিব নাৰায়ণ কোঁৱৰ, কামৰূপ (মহানগৰ) জিলা আযুক্ত সুমিত সত্তৱান, কামৰূপৰ জিলা আয়ুক্ত দেৱকুমাৰ মিশ্র, মাধ্যমিক শিক্ষা সঞ্চালক মমতা হোজাই, উচ্চ শিক্ষা সঞ্চালক পমী বৰুৱা আদি উপস্থিত থাকে।