বাৰ মাহৰ গীত- এছ ইছলাম

Pc Firstcry
(শিশু কবিতা) 
বাৰ মাহৰ গীত
           এছ ইছলাম, শিক্ষক
           পঃমইনবৰী, বৰপেটা
বহাগ মাহত গছৰ ডালত
কুলিয়ে কুউ-কুউ মাতে,
মামনিহঁতৰ আগ-চোতালত
ৰঙালী বিহু পাতে।
জেঠ মাহত প্রখৰ ৰ’দত
বৰ গৰম লাগে,
গছৰ ছাঁত বৰ দেউতাই
টাগুৰত সূতা কাটে।
আহাৰ মাহত বাৰিষা আহে
মাছে উজান ধৰে,
ৰৌ-বৰালি চিতল-পুঠি
বামত উঠি আহে।
শাওন মাহত প্ৰবল বৃষ্টিত
বানপানীৰ ৰূপ ধৰে,
নদ-নদীৰ দুয়ো কূল
গৰাখহনীয়াত পৰে।
ভাদ মাহত দুয়ো গুৰুৰ
তিথিৰ কথা আহে
ব্ৰহ্মপুত্ৰ নদৰ বহল বুকুত
মেটেকাবোৰ ভাহে।
আহিন মাহত শীতল বতাহ
গা ৰিম্ ঝিম্ কৰে মোৰ,
মৰমৰ আইতাই কাষত বহি
সাধু শুনায় ইছবৰ।
কাতি মাহত কঙালী বিহু
খেতিত বন্তি জ্বলায়,
হোলীৰ বতৰ দেৱালী উৎসৱ
  ৰঙৰ মেলা সজায়।
আঘোন মাহত ধাননি পথাৰ
ধানেৰে উপচি পৰে,
সহজ সৰল চহাৰ প্ৰাণত
আনন্দৰ জোৱাৰ ধৰে।
পুহ মাহত শীতৰ বতৰ
নিহালিখন উৰুৱাই লওঁ,
বিভিন্ন ধৰণৰ পিঠা ভাজে
খাবলৈ বৰ মজা পাওঁ।
মাঘ মাহত ভোগালী বিহু
বিহুৰ হুঁচৰি গাওঁ,
মেজিৰ জুইৰ কাষত বহি
 ভোগৰ পিঠা খাওঁ।
ফাগুন মাহৰ ফাগুনীবাই
বৰ আমনি কৰে,
ধূলি-মাকতি উৰুৱাই লৈ
মাকৰ ঘৰলৈ দৌৰে।
চ’ত মাহত ভেকুলীবোৰে
টোৰ-টোৰ গীত গায়,
চ’তৰ শেষত নতুন বছৰ
 আদৰি ল’বৰ হয়।