বাৰ উভতি চালে – দীপালী শইকীয়া গগৈ

বাৰ উভতি চালে

দীপালী শইকীয়া গগৈ,আমগুৰি

জীৱনৰ আবেলি বেলাত
উভতি চাইছোঁ এৰি অহা দিনবোৰ
কত সুৱদী সুৰে অমৃত কণ্ঠই
হৃদয় জিনিলে
ৰুণুজুণু নূপুৰ বজালে
কত শ্ৰান্ত সন্ধিয়াত
অলস সময় কটালোঁ
নিৰৰ্থক কথন মথনত
নীড়মুখী পখীৰ কলৰৱত
মন ময়ুৰী উৰা মাৰিছিল
কোনোবা অচিন অজানা প্ৰান্তলৈ
হাঁহিৰ চিম্ফনীত ৰজনজনাই গৈছিল
ভাৱ হৈছিল জীৱনটো যেন
এপৃথিৱী জোনাক মাথো
ইমান সৰল জানো জীৱনৰ গতিপথ
আউল নাভাগেই দেখোন৷
পোৱা নোপোৱা প্ৰাপ্তি অপ্ৰাপ্তি
হাঁহি কান্দোন সুখ-দুখৰ
কজলা ৰঙেৰে ডাৱৰে জোনাকে
মায়াময় আমাৰ জীৱন তৰংগিণীৰ
আন্ধাৰ পোহৰৰ ইপাৰ সিপাৰ ৷