বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসৰ ‘নট এ হিৰো’লৈ ক্রিষ্টেল বিয়েৰ স্পেচিয়েল মেনচন 

বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় ছবি মহোৎসৱত ৰীমা দাসৰ ‘নট এ হিৰো’লৈ ক্রিষ্টেল বিয়েৰ স্পেচিয়েল মেনচন 

ৰঙিলী বাৰ্ত্তাসেৱা- আন এক আন্তঃৰাষ্ট্ৰীয় সন্মান বুটলি আনিবলৈ সক্ষম হৈছে চলচ্চিত্ৰ পৰিচালক তথা নির্মাতা ৰীমা দাসে। বাৰ্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত ৰীমা দাসৰ শেহতীয়া চিনেমা ফিল্ম ‘নট এ হিৰো’এ সন্মানীয় ক্রিষ্টাল বিয়েৰ স্পেচিয়েল মেনচন (Crystal Bear Special Mention) বঁটা লাভ কৰি অসম আৰু অসমীয়াৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে। উল্লেখ্য যে বার্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত নট এ হিৰ’ বোলছবিখনৰ ৱৰ্ল্ড প্রিমিয়াৰ হৈছিল। মহোৎসৱত বোলছবিখনে জেনেৰেচন কে প্লাছ কম্পিটিচন শাখাত বাছনিভুক্ত হৈছিল। এই শাখাত শিশু আৰু যুৱচাম দৰ্শকৰ বাবে নির্মিত আৰু তেওঁলোকক গভীৰভাৱে আকৰ্ষিত কৰিব পৰা বোলছবি প্রদর্শন কৰা হয়। বার্লিন চলচ্চিত্র মহোৎসৱত নট এ হিৰ’ই স্পেচিয়েল মেনচন লাভ কৰা সন্দৰ্ভত পৰিচালক তথা ছবি নির্মাতা ৰীমা দাসে প্রতিক্রিয়া প্ৰকাশ কৰি কয় যে যুৱ দৰ্শকৰ সৈতে গভীৰ সম্পৰ্কৰ বাবেই এই চিনেমাখনে স্বীকৃতি লাভ কৰিছে। মহানগৰীৰ সা-সুবিধাৰ পৰা দূৰত পূৰ্বপুৰুষৰ পুৰণি গাঁৱত এজন কিশোৰৰ এটা ঘোঁৰাৰ সৈতে বন্ধুত্ব আৰু এদল স্থানীয় শিশুৰ সৈতে ল’ৰাজনৰ নানানটা ঘটনা-পৰিঘটনা আৰু অভিযানে জীৱনৰ সৌন্দৰ্য কিদৰে আৱিষ্কাৰ হৈছিল, তাক বোলছবিখনৰ জৰিয়তে ফুটাই তোলা হৈছে। শিশুসকলৰ কথা ভালদৰে শুনি আৰু তেওঁলোকৰ শক্তি, সাহস আৰু তেওঁলোকে কি হ’ব খোজে সেয়া বাছনি কৰাৰ তেওঁলোকৰ অধিকাৰক গুৰুত্ব দি এই চিনেমাখন নিৰ্মাণ কৰা হৈছে। বার্লিন আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্র মহোৎসৱত স্পেচিয়েল মেনচন সম্মান লাভ মোৰ বাবে গভীৰ অৰ্থপূর্ণ। উল্লেখ্য যে আকাংগা ফিল্ম এছিয়া আৰু ট্রেইন ট্ৰিপাৰ ফিল্মছৰ সহযোগত ফ্লাইং ৰিভাৰ ফিল্মছে বোলছবিখন প্রযোজনা কৰিছে। প্রিমিয়াৰৰ পূৰ্বে পেৰিছৰ বিপণন কোম্পানী এমএমএম ছেলছে চিনেমাখনৰ বিশ্ব বিপণনৰ স্বত্ব ক্রয় কৰে।