বাৰুদৰ ধোঁৱাত মৃত্যু যজ্ঞ – ৱাহিদ আহমেদ

Pc create digital

বাৰুদৰ ধোঁৱাত মৃত্যু যজ্ঞ 

ৱাহিদ আহমেদ
কাটাৰ,ডোহা

মানুহেৰে ভৰা পৃথিৱীখনত
মানুহেই গঢ়া বাৰুদৰ ধোঁৱা,
প্ৰচণ্ড শব্দত
কঁপিছে হিয়া…
শব্দবোৰত ছিটিকি পৰিছে
শৰীৰৰ টুকুৰাবোৰ
মৃতদেহবোৰ চিনাকি কৰিবলৈ
বিচাৰি পোৱা নাই মঙহৰ টুকুৰা
বাৰুদৰ ধোঁৱাবোৰ অক্সিজেন হৈ
উশাহত সোমাইছে…
মৃতদেহ উঠাবলৈও মানুহ নাই
মানুহৰ দেশত আজি মানুহ নাই
এটা এটাকৈ মিছাইলৰ শব্দত
জিলিকি উঠিছে আকাশ
জ্বলিছে ওখ বিল্ডিংবোৰ
জ্বলিছে জীৱন্ত মানুহৰ শৰীৰ,
অতৰ্কিতে চলা অভিযানত
হেৰাইছে মাতকথা
মৃত্যুৰ বিভীষিকাত
পণবন্দী সাধাৰণ মানুহ…
তেজৰ মূল্য এতিয়া পানীতকৈও কম
যুদ্ধবোৰে শান্তিৰ পৰিৱৰ্তে
নমাই কাল অমানিশা,
যুদ্ধৰ ইতিহাসে কি কয় ?
যুদ্ধৰ পৰিভাষা হ’ল ধবংস
যুদ্ধই প্ৰভাৱিত কৰে মানুহৰ জীৱন
প্ৰভাৱিত কৰে অৰ্থনৈতিক ব্যৱস্থাটোক
প্ৰভাৱিতক কৰে সামাজিক পৰিবেশ
শেষ পৰিণতিত থাকি যায় মাথোঁ
জ্বলি পুৰি চাৰখাৰ হোৱা
চাইবোৰ আৰু হাড়বোৰ
শান্তিৰ দেশত এতিয়া চৰাইবোৰেও
উৰিব নোৱাৰে…
ফুটপাথৰ কিনাৰত
জীৱন বচোৱাৰ আৰ্তনাদৰ চিত্ৰ
শিলৰ গম্বুজত চলিছে দ্ৰোণৰ আক্ৰমণ
মাটিৰ সুৰংগত মৃত্যুৰ জীয়া ছবি
অভেদ্য দুৰ্গ ভেদ কৰি
কলিজাত লাগিছে বুলেটে
বগা চাদৰ কিনিবলৈও
নাই দেশৰ কোনো অস্তিত্ব