বাৰিষা- লক্ষী প্ৰসাদ ৰেগন

pc- World Grain

বাৰিষা

লক্ষী প্ৰসাদ ৰেগন

আহুধানৰ ৰঙা চাউল আছিল
কলি ঔটেঙাৰে সৈতে
উভতিৰ ৰঙা শিঙৰা। কিনকিনীয়া বৰষুণ
চোতালত ন পানী

আবেলি হাঁহ কেইটা বিচাৰি
টুলুং-ভুটুং নাঁৱৰে যাত্ৰা খাল ডোং বিল পিটনি
একো বাকী নাই
সকলোতে ন পানী
আজিও বৰষুণ নেৰা-নেপেৰা। আকাশ গোমা

দুপৰ নিশা গৰু জাকৰ চিঞৰ
গোৱালিত পানী
গড়ালতো পেক্ পেক্ হাঁহ কেইটাৰ। জোন লুকাও লুকাও

বাৰিষা আমাৰ চিনাকি ছবি
তাতে যে উজাই আহে এটা জীয়া ফাকি হালধীবাৰীৰ
জৰাজীৰ্ণ মথাউৰী
জীয়া ফাকি এটা যে স্মৃতি হৈ ৰ’ল আবেলি
হালধীবাৰীৰ মথাউৰীটো…

এতিয়া আৰু এখন যুদ্ধৰ মুখামুখি হ’লো
চাৰিওফালে শত্ৰুৰ কুচকাৱাজ গঞাৰ নিদ্ৰা হৰণ
এটা দিন উকলাৰ পাছতে
হাঁহি বিৰিঙালে মগুৱা ৰেডিঅ’টোৱে
লুইতত হেনো পানী কমিছে