বাৰিষাৰ এটি বিশেষ দিন – মুন শৰ্মা

PC - The Canberra Times
বাৰিষাৰ এটি বিশেষ দিন
মুন শৰ্মা, লখিমপুৰ
আহিল এজাক ধাৰাসাৰ বৰষুণ,
বাটৰুৱা ৰূপত মই ,
খোজ দিছোঁ খৰকৈ।
বোকাময় ৰাস্তা পিছল বহুত ,
খোজে-পতি ভয় মোৰ পিছল খোৱাৰ।
হঠাৎ কাণত বাজিল,
এজাক শিশুৰ কোলাহল,
দেখা পালোঁ সিহঁতৰ  আনন্দৰ নাচোন।
অৰ্ধ নগ্ন দেহৰ ৰন্ধে ৰন্ধে পৰিছে বৃষ্টি,
নাই গম, নাই ভয়  কৰিছে মাথোঁ ফুৰ্তি।
ওপৰত বৰ্ষা তলত বোকা,
তাৰ মাজতে সিহঁতৰ খেলা।
সচাই মধুৰ সিহঁতৰ সেই ধেমালি,
ময়ো কৰিছিলোঁ বহুত সেই  ধেমালি।
 স্মৃতিৰ গৰ্ভত বিলীন আজি সেই আনন্দ,
উটি গল আজি সেই দিন সময় সোঁতত,
উভতাই নাপাওঁ আকৌ বাৰিষাৰ সেই দিনৰ।
মন যায় আকৌ এবাৰ তাক পাবলৈ,
নাপাওঁ আকৌ দুনাই সেই বিশেষ দিনৰ,
লৰালিৰ সেই সোণালী দিনৰ।