বাৰিষাৰ আৰ্তনাদ
_________________________’___’ _____________
আবেলিটো বিবৰ্ণ____
হেঙুলীয়াবিহীন কলাজ গগন,
যৌৱনা মৌচুমী এতিয়া আকুল অবাধ্য,
ইপাৰ- সিপাৰ মাথোঁ বৃষ্টিৰ কোলাহল,
কৰ্ণত গুঞ্জন নয়নত সমাবেশ।
সমীৰৰ উৎপাত, বিৰিখৰ উদ্দাম নৃত্য,
আৰু কি!
অশান্ত নৈ খনৰ অনিৰুদ্ধ গতি,
সংশয় মাথোঁ সংশয়,
বাৰিষা বুকুত উজাগৰী ৰজনী কটোৱা,
বহু দিনেই হ’ল, ই মোৰ সহচৰ,
ঠিকনা বিহীন তথাপি সষ্টম তথাপি সংযম,
ভয় লাগে, কিজানিবা আকৌ_____’
অমানিশা বুকুত হেৰাই যায় যদি,
থন ধৰা সপোন বোৰ!
ধূসৰ সোঁৱৰণী সেই_____
ৰূঢ়বাস্তৱ, কৰুণ চিৎকাৰ,
বাৰিষাৰ এটি দুৰ্ভগীয়াৰ আৰ্তনাদ।
____________০_______________