বাৰামতীত  ভয়ংকৰ বিমান দুর্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ মৃত্যু

Pc Asiana Times

বাৰামতীত  ভয়ংকৰ বিমান দুর্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ মৃত্যু

ৰঙিলী বাৰ্ত্তাসেৱা- বুধবাৰে পুৱা সংঘটিত এক ভয়ংকৰ বিমান দুর্ঘটনাত নিহত হয় মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰ। বাৰামতী বিমানবন্দৰত অৱতৰণ কৰাৰ সময়তে সংঘটিত দুর্ঘটনাটোত হাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ লগতে লিয়াৰজেট-৪৫ মডেলৰ ‘ভিটি-এছএছকে’ বিমানখনৰ পাইলট শাম্ভবী পাঠক-সহকাৰী পাইলট সুমিত কাপুৰ আৰু দুজন নিৰাপত্তাৰক্ষীৰো প্ৰাণহানি ঘটে।বাতৰি অনুসৰি জিলা পৰিষদৰ নিৰ্বাচনৰ এনচিপিৰ প্ৰাৰ্থীৰ হৈ পূর্বনির্ধাৰিত সূচী অনুসৰি উপ-মুখ্যমন্ত্রী অজিত পাৱাৰে মুম্বাইৰ পৰা ৮.১০ বজাত বাৰামতী অভিমুখে ৰাওনা হৈছিল। বিমানৰ গতিবিধি নজৰদাৰী সংস্থা ফ্লাইট ৰাডাৰ ২৪ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি উৰণৰ ঠিক ২৪ মিনিট পিছতে অর্থাৎ পুৱা ৮.৩৪ বজাত চার্টার্ড বিমানখনৰ পৰা কিছু সময়ৰ বাবে সংকেত পোৱা নাছিল যদিও পৰৱৰ্তী সময়ত সুচাৰুৰূপে উৰণ অব্যাহত থাকে। কিন্তু ৮.৪৩ বজাত পুনৰ বিমানখনৰ সংকেত নিষ্ক্রিয় হৈ পৰে। সেই সময়ত বিমানখন ভূ-পৃষ্ঠৰ পৰা প্ৰায় এক কিলোমিটাৰ উচ্চতাত আছিল। গতিবেগ আছিল ঘণ্টাত ২৩৭ কিঃমিঃ। ইয়াৰ ঠিক তিনি মিনিট পাছতে বাৰামতী বিমানবন্দৰৰ পৰা প্ৰায় ২০ কিঃমিঃ দূৰত্বত বিমানখন ভূপতিত হয়। মাটিত পৰি চূর্ণ-বিচূর্ণ হোৱাৰ লগে লগে পাঁচটা ভয়াৱহ বিস্ফোৰণে কঁপাই তোলে বাৰামতী বিমানবন্দৰ এলেকা। বিমানখন ভূপতিত হোৱাৰ লগতে বিস্ফোৰণৰ সমগ্ৰ দৃশ্যৰাজি বিমানবন্দৰৰ পথত সংস্থাপিত চিচি টিভি কেমেৰাত বন্দী হৈছে। চিচি টিভিৰ ফুটেজত পৰিলক্ষিত হোৱা অনুসৰি মুহূৰ্তৰ ভিতৰতে ঘটনাস্থলী ছানি ধৰিছিল ক’লা ধোঁৱা আৰু জুইৰ লেলিহান শিখাই। অসামৰিক বিমান পৰিবহণ নিয়ামক সংস্থা ডিজিচিএই ইতিমধ্যে উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰসহ পাঁচ আৰোহী নিহত হোৱাটো নিশ্চিত কৰিছে। অৱশ্যে কি কাৰণে দুর্ঘটনাটো সংঘটিত হ’ল সেই কথা বর্তমানপর্যন্ত স্পষ্ট হোৱা নাই। সমগ্ৰ বিষয়টোৰ তদন্ত কৰিবলৈ ইতিমধ্যে ডিজিচিএই এটা উচ্চস্তৰীয় দল বাৰামতী বিমানবন্দৰলৈ প্ৰেৰণ কৰিছে। বিমানৰ যাত্রাপথ পর্যবেক্ষণকাৰী ফ্লাইট ৰাডাৰ ২৪ৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি বিমানখনে প্রথমবাৰৰ বাবে অৱতৰণ কৰিবলৈ চেষ্টা কৰিছিল যদিও বিফল হয়। ইয়াৰ পাছত দ্বিতীয়বাৰলৈ অৱতৰণ কৰিবলৈ লওঁতেই আকাশৰ পৰা মাটিত সৰি পৰি চূর্ণ-বিচূর্ণ হৈ পৰে লিয়াৰজেট-৪৫। দুৰ্ঘটনাৰ সময়ত বাৰামতী বিমানবন্দৰ আৰু ইয়াৰ সংলগ্ন এলেকা ঘন কুঁৱলীয়ে ছানি ধৰি আছিল। ফলত যথেষ্ট কম আছিল দৃশ্যমানতা। যাৰ বাবেই প্রাণঘাতী বিমান দুর্ঘটনাটো সংঘটিত হোৱা বুলি অনুমান কৰা হৈছে। দৃশ্যমানতা কম থকাৰ কথা সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰিছে কেন্দ্ৰীয় অসামৰিক বিমান পৰিবহণ মন্ত্ৰী কে ৰামমোহন নাইডুৱেও। তেওঁ কয় যে ডিজিচিএ আৰু এএআইবিয়ে ইতিমধ্যে সদৰী কৰা মতে দুর্ঘটনাটোৰ তদন্ত আৰম্ভ কৰিছে। প্রাথমিক অনুসন্ধানত বিমানখন অৱতৰণ কৰাৰ সময়ত দৃশ্যমানতা যথেষ্ট কম থকাটো স্পষ্ট হৈছে। প্ৰথমবাৰ অৱতৰণৰ চেষ্টা কৰাৰ সময়ত এয়াৰ ট্রেফিক কন্ট্ৰ’লৰ তৰফৰ পৰা ৰানৱে’ সঠিকভাৱে দেখা পাইছে নে নাই, সেই বিষয়ে সোধা হৈছিল। পাইলটে ইয়াৰ নেতিবাচক উত্তৰ দিয়ে। তাৰ পাছত আকাশমাৰ্গতে পুনৰ এপাক ঘূৰি বিমানখনে দ্বিতীয়বাৰ অৱতৰণৰ চেষ্টা কৰে। দ্বিতীয়বাৰ একেটা প্ৰশ্নৰ ইতিবাচক উত্তৰ দিছিল পাইলটে। তেতিয়াহে এয়াৰ ট্রেফিক কন্ট্ৰ’লৰ তৰফৰ পৰা বিমানখনক অৱতৰণৰ অনুমতি দিয়া হয়। কিন্তু দুর্ভাগ্যজনকভাৱে অৱতৰণ কৰাৰ সময়তে দুর্ঘটনাটো সংঘটিত হয়। বাৰামতী বিমানবন্দৰৰ ভাৰপ্ৰাপ্ত বিষয়া শিৱাজী ট’ৱাৰে কয় যে যি স্থানত দুর্ঘটনাটো সংঘটিত হৈছে সেয়া পাহাৰ আৰু জংঘলেৰে আৱৰা। প্রাকৃতিক-যান্ত্রিক নে অন্য কোনো কাৰণত দুর্ঘটনাটো সংঘটিত হ’ল, সেই কথা তদন্তৰ পিছতহে পোহৰলৈ আহিব। কিন্তু আকাশৰ পৰা মাটিত সৰি পৰাৰ মুহূৰ্ততে বিমানখন টুকুৰা- টুকুৰ হৈ পৰিছিল। লগে লগে বিমানখন জুইৰ লেলিহান শিখাই আগুৰি ধৰে। উল্লেখ্য যে মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ এজন অন্যতম প্ৰভাৱশালী ব্যক্তি আছিল অজিত পাৱাৰ। ৰাজ্যখনৰ ৰাজনীতিত ‘দাদা’ হিচাপে পৰিচিত অজিত পাৱাৰৰ মৃত্যুৰ সময়ত বয়স হৈছিল ৬৬ বছৰ। ১৯৫৯ চনৰ ২২ জুলাইত মহাৰাষ্ট্ৰৰ আহমদ নগৰ জিলাৰ দেওলালী প্ৰভাৰা এলেকাত জন্মগ্রহণ কৰা অজিত পাৱাৰে পৰিয়ালৰ অগ্রজসকলৰ পদাংক অনুসৰণ কৰি সক্ৰিয় ৰাজনীতিত ভৰি থয়। প্রথমতে পশ্চিম মহাৰাষ্ট্ৰৰ সমবায় আৰু দুগ্ধ ইউনিয়নসমূহৰ নিৰ্বাচনত নিজৰ ৰাজনৈতিক বুদ্ধিমত্তাৰ পৰিচয় দিয়া অজিত পাৱাৰে পৰৱৰ্তী সময়ত সংসদীয় ৰাজনীতিত প্ৰৱেশ কৰে। খুৰাক শাৰদ পাৱাৰে এসময়ত প্রতিনিধিত্ব কৰা বাৰামতী বিধানসভা সমষ্টিৰ পৰা ১৯৯১ চনত তেওঁ বিধায়ক হিচাপে নির্বাচিত হয়। তেতিয়াৰে পৰা অজিত পাৱাৰে বাৰামতী বিধানসভা সমষ্টিতে প্রতিনিধিত্ব কৰি আহিছিল। সুধাকৰ ৰাও নায়ক মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী থকাৰ সময়ত তেওঁ কৃষি আৰু শক্তি দপ্তৰৰ ৰাজ্যিক মন্ত্ৰীৰ পদ লাভ কৰিছিল। ১৯৯২ চনত শাৰদ পাৱাৰ নেতৃত্বাধীন মন্ত্রীসভাতো তেওঁ স্থান লাভকৰে। এনচিপি-কংগ্ৰেছ মিত্ৰজোঁট চৰকাৰৰ আমোলতো তেওঁ বিভিন্ন দপ্তৰৰ মন্ত্ৰী হিচাপে কার্যনির্বাহ কৰিছিল। দলীয় আনুগত্য তথা ৰাজনৈতিক শিবিৰ সলনি কৰিলেও অজিত পাৱাৰে দীৰ্ঘদিন ধৰি অধিষ্ঠিত আছিল মন্ত্ৰীৰ পদবীত। সুধাকৰ ৰাও নায়ক, শাৰদ পাৱাৰৰ উপৰি বিলাসৰাও দেশমুখ, অশোক চৌহান, পৃথ্বিৰাজ চৌহান, উদ্ধৱ থাকৰে, একনাথ শিন্দে আৰু দেবেন্দ্র ফাড়নারিছ নেতৃত্বাধীন মন্ত্রীসভাৰ তেওঁ সদস্য আছিল।  অজিত পাৱাৰৰ বিয়োগত বিভিন্নজনে শোক প্রকাশ কৰিছে। এক শোকবার্তাত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে কয় যে অজিত পাৱাৰ এজন জননেতা আছিল। তৃণমূল স্তৰ পৰ্যন্ত যোগাযোগ থকা অজিত পাৱাৰে গ্ৰহণ কৰিছিল মহাৰাষ্ট্ৰৰ জনসাধাৰণৰ সেৱাৰ হকে অগ্রণী ভূমিকা। পৰিশ্ৰমী আৰু সর্বজন সম্মানিত অজিত পাৱাৰৰ মৃত্যু অত্যন্ত দুখজনক। কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিং, গৃহমন্ত্রী অমিত শ্বাহ, মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাৱিছকে ধৰি বিভিন্নজনে অজিত পাৱাৰৰ বিয়োগত শোক প্রকাশ কৰে। অসমৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্রী অজিত পাৱাৰৰ বিয়োগত শোক প্রকাশ কৰি সামাজিক মাধ্যমত কয় যে আজি পুৱা সংঘটিত এক দুর্ভাগ্যজনক বিমান দুর্ঘটনাত মহাৰাষ্ট্ৰৰ উপ-মুখ্যমন্ত্ৰী অজিত পাৱাৰৰ দেহাৱসানৰ খবৰে গভীৰভাৱে ব্যথিত কৰিছে। জনতাৰ সেৱা আৰু কল্যাণৰ বাবে নিজৰ জীৱন উৎসৰ্গা কৰা অভিজ্ঞ নেতা হিচাপে ৰাজ্যখনৰ উন্নয়ন আৰু শাসন ব্যৱস্থাত তেওঁৰ অৱদান সদায় স্মৰণীয় হৈ থাকিব। এই শোকৰ মুহূৰ্তত তেওঁৰ বিদেহ আত্মাৰ চিৰশান্তি কামনা কৰি শোকাকুল পৰিয়ালবৰ্গ, শুভাকাংক্ষী আৰু মহাৰাষ্ট্ৰবাসীৰ প্ৰতি মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলোঁ।