বাহাৰুল ইছলামৰ নতুন ছবি ’দ্য ছেভেন্হ ষ্ট্ৰীঙ’ৰ পোষ্টাৰ মুকলি

বাহাৰুল ইছলামৰ নতুন ছবি ’দ্য ছেভেন্হ ষ্ট্ৰীঙ’ৰ পোষ্টাৰ মুকলি

ৰঙিলী বাৰ্ত্তাসেৱা-   জনপ্ৰিয় অভিনেতা বাহাৰুল ইছলাম পৰিচালিত নতুন ছবি ‘দ্য ছেভেন্হ স্ত্রীঙ’ৰ গুৱাহাটী প্ৰেছ ক্লাবত পোষ্টাৰ মুকলি কৰে বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা,পৰিচালক ডাঃ সান্ত্বনা বৰদলৈয়ে৷বাহাৰুল ইছলামে আঁত ধৰা অনুষ্ঠানত বিশিষ্ট নাট্যকাৰ,পৰিচালক নয়ন প্ৰসাদ,বিশিষ্ট চিকৎসক,অভিনেতা ডা° জয়ন্ত দাসে চিনেমাৰ বিভিন্ন দিশ ব্যক্ত কৰাৰ লগতে চিনেমাখন ৰাইজে আঁকোৱালি লব বুলি আশা প্ৰকাশ কৰে৷অনুষ্ঠানত অভিনেত্ৰী বৰ্ষা বাহাৰে চিনেমা সন্দৰ্ভত কয়- ছবিখনত নিষ্ঠা নামৰ এগৰাকী তৰণীৰ কৈশোৰ কালত সংঘটিত প্ৰেমজনিত এক দুৰ্ঘটনাই কিদৰে তেওঁৰ পৰৱৰ্তী জীৱন যাত্ৰাত ধামখুমীয়াৰ সৃষ্টি কৰিছে তাকেই উন্মোচন কৰা হৈছে সংবেদনশীলতাৰে৷’ ফ্লাইং ছিগাল প্রডাকশ্যনৰ বেনাৰত নিৰ্মিত অসমীয়া ভাষাৰ চলচ্চিত্ৰখন পৰিচালনা আৰু প্ৰযোজনা বাহাৰুল ইছলামৰ,কাহিনী বৰ্ষা বাহাৰ,চিত্ৰনাট্য আৰু সংলাপ বৰ্ষা বাহাৰ আৰু বাহাৰুল ইছলামৰ৷ ছবিখনত অভিনয় কৰে পূর্ণিমা পাঠক শ‍ইকীয়া , ভাগীৰথী , জিলমিল হাজৰিকা , ডাঃ জয়ন্ত দাস , বৰ্ষা বাহাৰ , কুনাল শৰ্মা , সিদ্ধার্থ মুখার্জী , ৰাহুল গৌতম শৰ্মা , দিনেশ কাকতি , আচফাক খান , গুণগুণ , বিনোদ লালা দাস , জিয়া বাহাৰ , ৰাজীৱ ক্রু , মেঘালি কলিতা , নেইন ইবটিজাম , দেৱজিত বৰঠাকুৰ , ৰাজকুমাৰ শাহ , মুন ৰাজীৱ , কল্লোল নাথ , প্রশান্ত কলিতা , দ্বীপজ্যোতি মিশ্র , মুনমী গগৈ আদি৷ দৃশ্যগ্রহণত পাপু ডেকা,সম্পাদনাত কাজু, সম্পাদনা সহযোগীত জুমি, সংগীতত বাহাৰুল ইছলাম, চাউণ্ড ডিজাইনত বিজয় কুমাৰ নাথ , জ্যোতি চেতিয়া,কলা নির্দেশনাত নুৰুদ্দিন আহমেদ , দিবক জ্যোতি বৰুৱা, আবহ সংগীতত বাহাৰুল ইছলাম, গীত  হীৰেণ ভট্টাচাৰ্য, বাহাৰুল ইছলাম,কণ্ঠশিল্পী জুবিন গাৰ্গ , পাপন ( অংগৰাগ মহন্ত ) , দীক্ষু , দেৱাঞ্জনা বৈশ্য, সহকাৰী পৰিচালক বিৰিঞ্চি কুমাৰ গগৈ,কষ্টিউম ডিজাইন ৰ’জী বৰা, দি আই কালাৰিষ্ট সুজিত বৰা,প্রযোজনা নিয়ন্ত্রণত ওম গগৈ , প্রশান্ত কলিতা, অসমীয়া টাইটেল ডিজাইনত বিশিষ্ট শিল্পী কিৰণ শংকৰ ৰয়,পষ্টাৰ ডিজাইনত মণিকুন্দল বৰা৷