বাহন আগচি দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ সোণৰ চেইন

বাহন আগচি দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ সোণৰ চেইন

ৰঙিলী বাৰ্ত্তাসেৱা- মহানগৰীৰ আদাবাৰীত নিশা চেইন চুৰিৰ ঘটনা সংঘটিত হৈছে। বাহন আগচি ধৰি মহিলাৰ পৰা সোণৰ চেইন কাঢ়ি নিলে দুৰ্বৃত্তই।বাইকত হেলমেট পিন্ধি অহা দুৰ্বৃত্তই সংঘটিত কৰিলে এই ঘটনা। চাৰি চকীয়া বাহনখনত আছিল নজৰুল ইছলাম আৰু পত্নী নেইনা বেগম।তেওঁলোক গৌৰীপুৰৰ পৰা গুৱাহাটী অভিমুখে আহি আছিল। প্ৰথমে দুৰ্বত্তই বাহনখনেৰে দুৰ্ঘটনা সংঘটিত কৰে বুলি আগচি ধৰে আৰু পৰৱৰ্তী সময়ত আন দুখন বাইক আহি ঘটনাস্থলীত উপস্থিত হয় । তাৰ পাছতে দুৰ্বৃত্তই মহিলাগৰাকীক অশ্লীল গালি-গালাজ কৰে। ঘটনা সংঘটিত কৰি ঘটনাস্থলীৰ পৰা দুৰ্বৃত্তই পলায়ন কৰে।ঘটনা সন্দৰ্ভত জালুকবাৰী থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগীয়ে।