বাস্তৱ – শ্ৰুতিস্মীতা দেৱী

Pc Dayspring Pens

বাস্তৱ

শ্ৰুতিস্মীতা দেৱী

বহু দিন পাৰ হ’ল লিখা নাই, কোনো শব্দাংশ

হয়তো, ভয়! শব্দ‌ই বাস্তৱ দেখুৱাই
নিষ্ঠুৰ বাস্তৱৰ সম্মুখত ,
ম‌ই জানো অবচেতন নহ’‌ম, নিশ্চয় হ’ম।
জীৱন মানুহৰ খুব আপোন, মিথ্যা যে সকলো
লক্ষ্য মানুহৰ সদায় স্থিৰ, জীৱনেই যে মৃত্যু
সময় মানুহৰ অবিচল পণ, কৃতিত্ব যে সম্ভোগ
আশা মানুহৰ হাতৰ লাখুটি, আয়ুস যে সীমিত।
জীৱনৰ মূল্যায়নত ৰুষ্ট ম‌ই,
বিফলতাৰ গ্ৰাসত ম‌ইয়ো ক্ষুব্ধ হৈছো,
নতুনকৈ শিকিলোঁ, শব্দ‌ই মোক বিফল কৰে;
ম‌ইতো নহয় কোনো, বিসন্ন ডাস্তবিন্ ৰ আৱৰ্জনা
দুৰ্বল মোৰ শব্দ,
অ কবিতা,অ শব্দ‌ই মোক দুৰ্বল কৰে,
এৰিব নোৱাৰো এই কল্পনা,
বাস্তৱ মোৰ পথ প্ৰদৰ্শক!
কিন্তু,এই বগা পৃষ্ঠা হৃদয়ৰ আলিংগন ।
আবেগিক ভাৱে মূৰ্খ এই মন,
পাৰিম, কৰিম, কিয় নোৱাৰিম ….‌ হৃদয় স্পন্দন
জীৱন যুঁজত পলোৱা নাই ম‌ই…
হয়তো দৃঢ়তাৰে সম্মুখীন হৈছো।
বহু দিন পাৰ হ’ল মিলা নাই , কোনো ছন্দ
হয়তো, শূণ্য! শব্দৰ আৰঁৰ অৰ্থ ।