বাল বিবাহ মুক্ত ভাৰত” অভিযানৰ ওপৰত শিশু গাঁও পঞ্চায়ত পৰ্য্যায়ৰ বিবাহ নিষেধাজ্ঞা বিষয়াসকলৰ এদিনীয়া প্রশিক্ষণ শিবিৰ

বাল বিবাহ মুক্ত ভাৰত” অভিযানৰ ওপৰত শিশু গাঁও পঞ্চায়ত পৰ্য্যায়ৰ বিবাহ নিষেধাজ্ঞা বিষয়াসকলৰ এদিনীয়া প্রশিক্ষণ শিবিৰ
এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- মহিলা আৰু শিশু উন্নয়ন বিভাগৰ জিলা সংকল্প: মহিলা সৱলীকৰণ কেন্দ্ৰ , জিলা শিশু সুৰক্ষা গোটৰ যৌথ উদ্যোগত তথা ডিব্ৰুগড় জিলা প্ৰশাসনৰ সহযোগত “বাল বিবাহ মুক্ত ভাৰত” কাৰ্যসূচীৰ অধীনত জাগৃতি প্ৰশিক্ষণ কেন্দ্ৰত গাওঁ পঞ্চায়ত পৰ্য্যায়ৰ বিবাহ নিষেধাজ্ঞা বিষয়া সকলৰ মাজত এখনি এদিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী আজি (৯-১২-২৪) সূচাৰুৰূপে পালন কৰা হয়। এই কাৰ্যসূচীত জিলা আইনীসেৱা প্ৰাধিকীকৰণৰ সম্পাদক  অভিজিৎ শইকীয়াই (অসম ন্যায়িক সেৱা)  বাল্য বিবাহৰ লগত জড়িত আইন তথা ইয়াৰ প্ৰক্ৰিয়া বোৰৰ বিষয়ে বিশদভাৱে তেওঁলোকক প্ৰশিক্ষণ প্ৰদান কৰে। ইয়াৰ উপৰিও শিশু কল্যাণ সমিতিৰ সদস্যা তথা অধিবক্তা ৰুমী মহন্ত দত্তই তেওঁলোকৰ মাজত বাল্য বিবাহৰ ক্ষেত্ৰত শিশু কল্যাণ সমিতিৰ ভূমিকা তথা শিশু বিবাহ নিষেধাজ্ঞা বিষয়া সকলৰ এই ক্ষেত্ৰত কৰণীয় কাম বোৰৰ ওপৰত প্ৰশিক্ষণ প্ৰদান কৰে।