বাল গোপাল-নিতিষ্মান দাস

pc flipkart

বাল গোপাল

জগতৰ পৰম প্ৰভু হৰি,
কৰহ মৰ্ত্তত লীলা নানা ৰূপ ধৰি৷
দৈৱকী তব প্রকৃত জননী,
যশোদাৰ দুখক নাশিলা তুমি।
তব সঙ্গে শিশু মিত্রগন,
শিশু লীলা কৰিবাক তব ভৈলা মন।
পশু আদি কৰি যত তুৱা মিত্ৰগন,
বাঁহী বজায় কৰহ জয় সৱৰ মন।
কেশত তুৱাৰ ময়ূৰপাখি,
বদনত তব কিৰণময় হাঁহি।
খাৱন্ত তুমি একদল মাটি,
যশোদা তবধ মুখত ব্ৰহ্মাণ্ড দেখি।
সোধন্ত যশোদাই কিয় খাৱন্ত মাটি,
যশোদাক কৰহ শান্ত হিয়া সাৱটি।
কৰহ চুৰ তুমি মাখন দধি,
উৰালত যশোদাই দিলেক বান্ধি।
বুলন্ত মিত্ৰগনক নাহাঁহিবা বুলি,
এইয়া তব লীলা প্রভু হৰি।
কুবেৰ পুত্রদ্বয়ক কৰহ মুক্তি,
গৈলন্ত পুত্রদ্বয় প্রণাম কৰি।
কৰহ পুতনা বধ শিশু ৰূপে ধৰি,
দুগ্ধপানে পুতনাক দিলা মাতৃগতি।
মথুৰাত বৃষ্টিপাতে ইন্দ্ৰৰ কু-দৃষ্টি,
কৰহ ৰক্ষণ কণিষ্ঠ আঙুলে ধৰি।
ধৰহ কণিষ্ঠ আঙুলে গুৱৰ্ধন পৰ্বত,
ইন্দ্ৰৰ কু-দৃষ্টিক তুৱা কৰহ হত।
অসংখ্যাত হৰি তুৱাৰ লীলা,
অন্তহীন হৰি তুৱাৰ কথা ।
প্ৰণামো তোমাক শত কোটি বাৰ,
সু-মঙ্গলময় কৰি ৰাখা ইহ সংসাৰ

-নিতিষ্মান দাস
অষ্টম শ্রেণী