বাল্য বিবাহৰ ভুক্তভোগীসকলৰ বাবে সংস্থাপন নীতিৰ পৰিকল্পনা ৰাজ্য চৰকাৰৰ

PC - Deccan Herald

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰাজ্য চৰকাৰে শীঘ্ৰেই বাল্য বিবাহৰ ভুক্তভোগীসকল বিশেষকৈ যিসকল ছোৱালীৰ স্বামীক শেহতীয়াকৈ গ্ৰেপ্তাৰ কৰা হৈছে তাৰ বাবে এক পুনঃ সংস্থাপন নীতি প্ৰস্তুত কৰিব।কেবিনেট বৈঠকত এই সিদ্ধান্ত লোৱা হয়। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকৰ পাছতে শিক্ষামন্ত্ৰী ৰণোজ পেগুৱে এই সিদ্ধান্তৰ বিষয়ে জনায়। পেগুৱে কয় যে, আৰক্ষীক বাল্য বিবাহৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিবলৈ নিৰ্দেশ দিয়া হৈছে। আনহাতে, বাল্য বিবাহৰ বলি হোৱা কিশোৰীসকলৰ পুনৰ সংস্থাপনৰ বিষয়টো অধ্যয়ন কৰিবলৈ এখন কমিটী গঠন কৰি দিয়া হৈছে। শিক্ষামন্ত্ৰী ৰণোজ পেগু, বিত্ত মন্ত্ৰী অজন্তা নেওগ আৰু স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তৰে গঠিত কমিটীখনে প্ৰতিবেদন দাখিল কৰাৰ পিছতেই গ্ৰহণ কৰা হ’ব যাৱতীয় পদক্ষেপ। উল্লেখ্য যে, অসম আৰক্ষীয়ে এতিয়ালৈকে ৰাজ্যজুৰি বাল্য বিবাহ সম্পৰ্কীয় গোচৰৰ সন্দৰ্ভত ২,২৭৮ জন লোকক গ্ৰেপ্তাৰ কৰিছে আৰু বাল্য বিবাহৰ বিৰুদ্ধে ৰাজ্যব্যাপী অভিযানৰ অংশ হিচাপে ৪,০৭৪ টা গোচৰ ৰুজু কৰিছে।