বাল্য বিবাহৰ বিৰোধিতা এছ ইউ চি আইৰ

Pc Time8

বাল্য বিবাহৰ বিৰোধিতা এছ ইউ চি আইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বাল্য বিবাহৰ বিৰোধিতা কৰিছে এছ ইউ চি আইৰ৷ বাল্য বিবাহক কেন্দ্ৰ কৰি সমগ্ৰ অসমত সম্প্ৰতি যি অতিশয় উদ্বেগজনক পৰিস্থিতিৰ সৃষ্টি হৈছে সেই সম্পৰ্কে এছ ইউ চি আই (কমিউনিষ্ট)ৰ অসম ৰাজ্যিক কমিটীৰ সম্পাদক চন্দ্ৰলেখা দাসে বিবৃতি প্ৰদান কৰি কয়- ” আমি গভীৰ উদ্বেগেৰে সৈতে লক্ষ্য কৰিছো যে, অসমৰ বৰ্তমান বিজেপি পৰিচালিত চৰকাৰে ৰাজ্যৰ জনসাধাৰণৰ সাৰ্বিক উন্নতি সাধনৰ প্ৰতিশ্ৰুতি দি চৰকাৰী ক্ষমতাত অধিষ্ঠিত হোৱাৰ পিছৰে পৰা ৰাজ্যৰ জনসাধাৰণৰ কোনো উন্নয়নমূলক কাম, বিশেষকৈ কৃষি উন্নয়ন আৰু শিল্পোন্নয়নৰ বাবে সুনিৰ্দিষ্ট কৰ্মসূচী গ্ৰহণ কৰাৰ পৰিৱৰ্তে এটাৰ পিছত আন এটা সম্পূৰ্ণ অৰ্থহীন চমক সৃষ্টি কৰাৰ বাবে ৰাজনীতি চলাই আছে। আমি অতি উদ্বেগেৰে সৈতে এইটোও লক্ষ্য কৰিছো যে, ইয়াৰ ফলত ৰাজ্যৰ দুখীয়া জনসাধাৰণে জীয়াই থকাৰ সকলো অৱলম্বন হেৰুৱাই তিষ্ঠি থকাটোৱে অসম্ভৱ যেন অনুভৱ কৰিছে। ইয়াৰ লগতে গভীৰ উদ্বেগেৰে আমি আৰু লক্ষ্য কৰিছো যে, চৰকাৰে ৰাজ্যৰ আপামৰ জনসাধাৰণৰ সংগ্ৰামী ঐক্য আৰু সংহতি ভাঙি পেলোৱাৰ উদ্দেশ্যে নানা ধৰণৰ মনেসজা ভিত্তিহীন আশংকাৰ জন্ম দি জনসাধাৰণক উদ্বেলিত কৰি তুলিছে আৰু সকলো জনসাধাৰণৰ ঐক্য-সংহতি তথা জনসাধাৰণৰ ঐক্যবদ্ধ আন্দোলনক ভাঙি চূড়মাৰ কৰি দি এটাৰ পিছত এটা বিভাজনমূলক পদক্ষেপ গ্ৰহণ কৰি আছে।আমি দৃঢ়তাৰে সৈতে দাবী জনাও যে, এই সৰ্বনশীয়া পথ পৰিহাৰ কৰি ৰাজ্য চৰকাৰ আৰু কেন্দ্ৰীয় চৰকাৰে সকলো শ্ৰেণীৰ জনসাধাৰণৰ অৰ্থনৈতিক উন্নয়ন সুনিশ্চিত কৰাৰ উদ্দেশ্যে ৰাজ্যখনৰ দ্ৰুত শিল্পোন্নয়নৰ কামত আত্মনিয়োগ কৰা অতি জৰুৰী আৰু এই বিষয়ত সুনিৰ্দিষ্ট কৰ্মসূচী গ্ৰহণ কৰা উচিত। ৰাজ্যৰ সকলো অংশৰ জনসাধাৰণৰ প্ৰতি আমাৰ আহ্বান,এই দাবী পূৰণ কৰাৰ বাবে বাধ্য কৰিবলৈ হʼলে চৰকাৰৰ ওপৰত শক্তিশালী হেঁচা সৃষ্টি কৰিব লাগিব৷এই প্ৰসঙ্গত দৃঢ়তাৰে সৈতে আমি এই কথাটো কব বিচাৰো যে, বাল্য বিবাহৰ সমস্যা শিশুশ্ৰমৰ দৰে এক ডাঙৰ সামাজিক সমস্যা, যিটো মূলতঃ অৰ্থনৈতিক অনগ্ৰসৰতা, শিক্ষা আৰু সংস্কৃতিৰ অভাৱৰ পৰাই উদ্ভূত আৰু এই সমস্যা মাথোন অসমতেই নহয় সমগ্ৰ দেশতেই বিদ্যমান। গতিকে, শিক্ষা, সংস্কৃতি আৰু উপযুক্ত চেতনা গঢ়ি তুলি আৰু সামাজিক আন্দোলন গঢ়ি তুলিয়েই ইয়াক প্ৰতিহত কৰা সম্ভৱ। সেয়ে, খেদি খেদি ধৰি লৈ গৈ, গ্ৰেপ্তাৰ কৰি, জে’লবন্দী কৰি বা জনসাধাৰণক সন্ত্ৰস্ত কৰাৰ যোগেদি হাজাৰ হাজাৰ অসহায় নাৰী আৰু শিশুক মৃত্যুমুখলৈ ঠেলি দিয়াৰ দ্বাৰা এই সমস্যাৰ সমাধান কৰা নাযায়। আমাৰ দৃঢ় অভিমত ইয়াৰ নামত যিটো কৰা হৈ আছে সেয়া চৰম অমানৱিক, নিষ্ঠুৰ আৰু চূড়ান্ত হৃদয়হীনতা প্ৰসূত কাৰ্যকলাপ।সেয়েহে, অসমৰ বিজেপি চৰকাৰৰ প্ৰতি আমাৰ আহ্বান, হাজাৰ হাজাৰ মানুহ, যিসকল মূলতঃ দুখীয়া, তেওঁলোকক জে’ল বন্দী কৰি ৰখাৰ স্বৈৰাচাৰী পথ অবিলম্বে প্ৰত্যাহাৰ কৰি শিক্ষা-সংস্কৃতি আৰু সমাজ চেতনা গঢ়ি তোলাৰ মাজেৰে সামাজিক আন্দোলন গঢ়ি তুলি এই সমস্যা সমাধানত ব্ৰতী হওক। অসমৰ সকলো জনসাধাৰণৰ প্ৰতি আমাৰ আহ্বান, চৰকাৰৰ এই অমানৱিক কাৰ্যকলাপ বন্ধ কৰাৰ বাবে সোচ্চাৰ হওক আৰু ইয়াৰ বিৰুদ্ধে তীব্ৰ গণতান্ত্ৰিক আন্দোলন গঢ়ি তোলক।