বাল্য বিবাহৰ বিৰুদ্ধে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাটো আৰক্ষীৰ অভিযান

বাল্য বিবাহৰ বিৰুদ্ধে গোলাঘাট জিলাৰ ধনশিৰি মহকুমাটো আৰক্ষীৰ অভিযান

মৃগাংক বৰুৱা, গোলাঘাট, ৰঙিলী বাৰ্ত্তাসেৱা- ৫ জন অবৈধ স্বামীক গ্ৰেপ্তাৰ কৰিলে বৰপথাৰ আৰক্ষীয়ে। বৰপথাৰ থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰেমেশ্বৰ শইকীয়াৰ নেতৃত্বত চাংপুল টেঙানিৰ দুৰ্লভ বৰা,টেঙানি গলাই গাঁৱৰ আদিত্য দত্ত, টেঙানি ৰাজগড়ৰ নিৰঞ্জন বৰা, ১ নং টেঙানিৰ পৰা চিন্তু গগৈ আৰু বিলগাঁও শেনচোৱাৰ নৱদ্বীপ বড়োক আটক। ধনশিৰি মহকুমাত এতিয়ালৈকে ৮ টা গোচৰ ৰুজু হৈছে। ইয়াৰে বৰপথাৰ থানাত ৫ টা, সৰুপথাৰ থানাত ২ টা আৰু উৰিয়ামঘাট থানাত ১ টা।