বাল্য কাল
আয়শা ছিদ্দিকা (আছৰি)
বাংলিপাৰা,বৰপেটা
তেতিয়াৰ দিনবোৰেই
সোণোৱালী আছিল
যেতিয়া আমি কেইটা
কাগজৰ ছপা
চিকচিকিয়া
নোটৰ মূল্য
বুজি পোৱা নাছিলোঁ
আম জাম গছৰ
পাত চিঙি ডেৰ
টকা বনাই
বহুত টকাৰ গৰাকী হৈ
উল্লাহত নাচিছো…
উপাৰ্জনৰ চিন্তা
নাছিল মূৰত
আছিল মাথোঁ
উছল কুদ কৰি
সমনীয়াৰ সৈতে খেলি
মেলি সময় পাৰ কৰা
পৰিয়ালৰ দায়িত্ব
লোৱাৰ ভৰত
নিজৰ সপোন ত্যাগিব
লগা হোৱা নাছিল
তেতিয়া দিনে নিশায়
সপোনৰ কাৰেং
সজাই তুলিছিলোঁ।।
দুখ যন্ত্ৰণা মানে কি
বুজিয়েই পোৱা নাই চাগে
কেৱল সুখৰ মায়া জালত
উটি ভাঁহি ফুৰিছো।।
লাজ, ভয়, শঙ্কা
অজান বস্তু আছিল
আমাৰ বাবে তেতিয়া
জ্ঞাত আছিল মাথোঁ
খোৱা- খেলা আৰু
আৰামৰ তন্দ্ৰা।।