বাল্যবিবাহ সমাজৰ পৰা নিৰ্মূল কৰা সম্ভৱ নে ? – দেবর্ষি গৌতম

বাল্যবিবাহ সমাজৰ পৰা নিৰ্মূল কৰা সম্ভৱ নে ?

দেবর্ষি গৌতম, বনগাঁও

বাল্যবিবাহৰ বিৰুদ্ধে চৰকাৰ আৰু পুলিচ প্ৰশাসনে গ্ৰহণ কৰা পদক্ষেপ এক আদৰণীয় পদক্ষেপ। বাল্যবিবাহ যে সমাজৰ বাবে ক্ষতিকাৰক সেই কথা প্ৰতিগৰাকী সচেতন লোকে স্বীকাৰ কৰে। বাল্যবিবাহ সমাজৰ পৰা সম্পূৰ্ণৰূপে নিৰ্মূল হোৱাটো প্ৰতিগৰাকী সচেতন লোকৰ কাম্য। সমাজৰ সচেতন লোকসকলৰ কোনেও নিবিচাৰে যে নিজৰ অথবা আনৰ সন্তানটোৱে বাল্যবিবাহৰ চিকাৰ হৈ নিজৰ ভাবিষ্যতটো এক অন্ধকাৰৰ মাজলৈ ঠেলি দিয়াটো। কিন্তু চৰকাৰ আৰু পুলিচ প্ৰশাসনে গ্ৰহণ কৰা এই প্ৰশংসনীয় পদক্ষেপৰ মাজতে এটা প্ৰশ্ন বাৰুকৈয়ে উত্থাপন হোৱা পৰিলক্ষিত হৈছে। অভিযুক্ত স্বামী সকলক আটক কৰাৰ পিছত বাল্যবিবাহৰ ফলত জন্মলাভ কৰা সেই অভিযুক্ত ব্যক্তিসকলৰ সন্তানবোৰৰ দায়িত্ব কোনে গ্ৰহণ কৰিব ? দুই তিনিবছৰৰ পূৰ্বে নাইবা তাতোকৈ অধিক আগত বাল্যবিবাহৰ দৰে অপৰাধ সংঘটিত কৰা ব্যক্তিসকলক এতিয়া আটক কৰাৰ বাবে তেওঁলোকৰ সংসাৰত আউল লাগিলে ইয়াৰ বাবে দায়ী কোন হব ? অপৰাধ সংঘটিত কৰাৰ সময়ত বিহিত ব্যৱস্থা গ্ৰহণ নকৰাৰ ফলত তেনেকুৱা ব্যক্তি সকলে বৰ্তমান সন্তান জন্ম দিছে আৰু তাৰ ফলত আজিৰ এই অভাৱনীয় পৰিস্থিতিৰ সৃষ্টি হৈছে। আমাৰ সমাজত অতীতৰে পৰা সংঘটিত হৈ অহা বাল্যবিবাহজনিত অপৰাধৰ বিৰুদ্ধে পুলিচ প্ৰশাসনে গ্ৰহণ কৰা নিৰ্লিপ্তত ভূমিকাৰ ওপৰতো প্ৰশ্ন চিহ্নৰ উদয় হৈছে। কিয়নো যদি যথা সময়ত এই অপৰাধৰ বিৰুদ্ধে যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰা হল হেতেন তেনেহলে হয়তো আজিৰ এই অৱস্থাৰ কোনো কাৰণতে সৃষ্টি নহল হেতেন। পুলিচ প্ৰশাসনে গ্ৰহণ কৰা নিৰ্লিপ্ততাৰ বাবে কোন দায়ী হব ? এনেবোৰ প্ৰশ্ন সমাজৰ একাংশ লোকৰ মনত বৰ্তমান উদয় হৈছে। যদি চৰকাৰে সেই অভিযুক্ত লোক সকলৰ সন্তান সমূহৰ দায়িত্ব লয় তেনেহলে তাৰ ব্যয় কৰ পৰা বহন কৰিব সেইটো এটা ডাঙৰ প্ৰশ্ন। জনতাৰ টকা তেনেকুৱা কামত ব্যয় কৰিলে যে তাৰ পৰিনাম সাধাৰণ জনতাই ভোগ কৰিব লাগিব সেই কথা নিশ্চিত। চৰকাৰ আৰু পুলিচ প্ৰশাসনে যদি বৰ্তমান সময়ত সংঘটিত হোৱা বাল্যবিবাহজনিত অপৰাধ সমূহত অধিক মনোনিবেশ কৰে তেনেহলে হয়তো ইয়াৰ সুফল লাভ কৰাৰ সম্ভাৱনা অধিক আছে। কাৰণ পূৰ্বতে সংঘটিত হোৱা অপৰাধৰ বিৰুদ্ধে ব্যৱস্থা যদি এতিয়া গ্ৰহণ কৰিব লগীয়া হয় তেনেহলে হয়তো ইয়াৰ বাবে বিভিন্ন বিতৰ্কৰ সূচনা হোৱাৰ লগতে বিভিন্ন সমস্যাৰো সৃষ্টি হোৱাৰ উপক্ৰম হব। ইয়াৰ অৰ্থ এইটো নহয় যে যিকোনো অপৰাধৰ বিৰুদ্ধে লগে লগে ব্যৱস্থা গ্ৰহণ নকৰিলে পিছত ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰিব। ইয়াত কেৱল বাল্যবিবাহজনিত অপৰাধৰ ক্ষেত্ৰতহে এই কথাটো উল্লেখ কৰা হৈছে। এতিয়াৰ পৰা যাতে সমাজত কোনেও বাল্যবিবাহজনিত অপৰাধ সংঘটিত কৰিব নোৱাৰে তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰাৰ সমান্তৰালকৈ ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰাত অধিক মনোনিবেশ কৰিলে সফল হোৱাৰ সম্ভাৱনা অধিক। চৰকাৰ, পুলিচ প্ৰশাসন আৰু সমাজৰ ঐক্যবদ্ধ প্ৰচেষ্টাৰ অবিহনে যে সমাজৰ পৰা বাল্য বিবাহ নিৰ্মূল কৰাটো অসম্ভৱ সেই কথা সৰ্বজনবিদিত। গতিকে চৰকাৰ আৰু প্ৰশাসনে ৰাইজৰ মাজত সজাগতা সৃষ্টি কৰি বাল্যবিবাহ ৰোধ কৰাৰ ক্ষেত্ৰত সমাজৰ ভূমিকা কি তথা অভিভাৱকৰ দায়িত্ব কি সেই বিষয়ে সকলোকে অৱগত কৰাৰ বাবে পদক্ষেপ গ্ৰহণ কৰাটো অতিকৈ জৰুৰী। বাল্যবিবাহ জনিত অপৰাধ সংঘটিত কৰিলে তাৰ শাস্তি কিমান গুৰুতৰ সেই বিষয়েও সকলোকে অৱগত কৰাৰ ক্ষেত্ৰত পদক্ষেপ গ্ৰহণ কৰাটো গুৰুত্বপূৰ্ণ। যদি মানুহৰ মনত ভয় নাথাকে তেনেহলে মানুহে যিকোনো অপৰাধ সংঘটিত কৰিবলৈ কুণ্ঠাবোধ নকৰে। যদি অপৰাধীক আটক কৰাৰ পিছত উপযুক্ত তথ্য প্ৰমাণ অবিহনে আদালতত লৈ যোৱা হয় তেনে ক্ষেত্ৰত অপৰাধী এগৰাকী দোষ মুক্ত হৈ মুকলি আকাশৰ তললৈ ওলাই আহে আৰু ইয়াৰ পিছত তেনে অপৰাধী সকলে অপৰাধ সংঘটিত কৰিবলৈ আৰু বেছি আত্মবিশ্বাসী হৈ পৰিব। গতিকে অপৰাধী এগৰাকীক আটক কৰাৰ পিছত যাতে উপযুক্ত তথ্য প্ৰমাণৰ জৰিয়তে সেই অপৰাধী গৰাকীক দৃষ্টান্তমূলক শাস্তি প্ৰদান কৰিব পৰা যায় তাৰ বাবে পদক্ষেপ গ্ৰহণ কৰিলে ইয়াৰ পৰা এক বাৰ্তা সমাজলৈ যাব যাৰ জৰিয়তে মানুহে তেনেকুৱা অপৰাধ সংঘটিত কৰিবলৈ এবাৰ হলেও চিন্তা কৰিবলৈ বাধ্য হব। বাল্যবিবাহৰ দৰে অপৰাধ ৰোধ কৰিবলৈ প্ৰতিটো খোজোতে চৰকাৰ আৰু পুলিচ প্ৰশাসনে আৰম্ভণিৰে পৰা অতি দৃঢ়তাৰে আৰু কঠোৰ ভাবে পদক্ষেপ গ্ৰহণ কৰিব লাগিব অন্যথা সফলতা লাভ কৰাতো অতিকৈ কঠিন হৈ পৰিব।