বালিৰ নাটনিৰ বাবে পৃথিৱী নতুন সংকটৰ সন্মুখীন   

PC-CNBC

বালিৰ নাটনিৰ বাবে পৃথিৱী নতুন সংকটৰ সন্মুখীন   

ৰঙিলী বাৰ্ত্তাসেৱা – কেনিয়াস্থিত ৰাষ্ট্ৰসংঘৰ পৰিৱেশ কার্যক্রমে সকীয়নি দিয়া মৰ্তে মানৱ জাতিয়ে প্ৰয়োজনতকৈ অধিক দ্ৰুতগতিত বালি ব্যৱহাৰ কৰি থকাৰ নেতিবাচক প্ৰভাৱ ইতিমধ্যে আৰম্ভ হৈছে । কিয়নো জৈৱিক প্ৰক্ৰিয়ামতে বালিৰ উৎপাদন হ’বলৈ কেইবাহাজাৰ বছৰৰ প্ৰয়োজন। বালি সম্পদৰ সঠিক ব্যৱহাৰ যদি শীঘ্ৰে দেশসমূহে কৰিব নোৱাৰে, তেতিয়া  হ’লে বালিৰ ভয়াৱহ সংকট নামি অহাটো নিশ্চিত। লক্ষণীয় যে বালি কংক্ৰিটৰ আন্তঃগাঁথনি নিৰ্মাণৰ লগতে গ্লাছৰ বেৰ নিৰ্মাণতো ব্যৱহৃত হয়। সকলো নির্মাণতে বালিৰ ব্যৱহাৰ হোৱাৰ বাবে ইয়াৰ চাহিদা দ্ৰুতগতিত বৃদ্ধি পোৱাত অবৈধ বালিৰ খনন আৰম্ভ হৈছে আৰু যিয়ে পৰিৱেশতো আঘাত কৰিছে। বিগত দুটা দশকত প্ৰতিবছৰে বালি ৫০ বিলিয়ন টন ব্যৱহাৰ হয়। এজন ব্যক্তিৰ বাবে প্ৰতিদিনে ১৭ কিঃগ্ৰাম ব্যৱহাৰ হৈ আছে। ইয়ে নদী, উপকূলীয় অঞ্চল আৰু দ্বীপসমূহত বালিৰ উৎপাদনত অশনি সংকেত কঢ়িয়াই আনিছে।