বালিমাহী চৰাইৰ সপোন – মানসী মিশ্ৰ

pc Photos.com

বালিমাহী চৰাইৰ সপোন

– মানসী মিশ্ৰ

ও সেউজী সপোন,

সন্ধিয়াৰ নীৰৱ ক্ষণত

হেৰাই যাবলৈ মন যায়

তোমাৰ সতে সূদূৰৰ সেই

সেউজ উপত্যকাৰ মাজত

বিচাৰিম যেন তোমাৰ সতে

কবিতাৰ সেই মুকুতা যেন লগা

তোমাৰ হৃদয়ৰ শব্দবোৰ

হয়টো বিচাৰিম পাহাৰী জুৰিৰ পাৰত,

হেৰাই যোৱা আপোনজনক

বিচাৰি চাম শৰতৰ কহুঁৱা বনৰ মাজত

হয়তো……. হয়তো

বিচাৰি পাম ঘৰলৈ উভতি অহা

সেই নীড়মুখী পখীৰ জাকটোৰ মাজত।