বালিঘড়ী- শৰ্মিষ্ঠা দেৱী

Pc Alamy

বালিঘড়ী

পুৱা ৰ’দৰ ফেলানীত
গছে গছে, পাতে পাতে, আঁৰে আঁৰে
পখীৰ কাকলি,
জীয়াঁৰ পাখিত নতুন সপোনৰ কাঁজলি ।
জীৱন মৰুত আকৌ এটা
নতুন বালিঘড়ী

য’ত আমিবোৰে হিচাপ কৰি যাম
ঘড়ীৰ কাঁটাত লাগি উফৰি অহা
সুখ, দুখ, শান্তি, ইত্যাদি ।

শৰ্মিষ্ঠা দেৱী