বালিঘড়ী
– বহুদিনৰ মূৰত তোমাক লগ পাই বৰ ভাল লাগিছে ।
– মোৰো ।
– কি কৰিছা এতিয়া ?
– খাইছোঁ, শুইছোঁ, ঘূৰি ফুৰিছোঁ ।
– এনি জব ?
-মই পৃথিৱীৰ কৃত্ৰিম জালৰ পৰা মুক্ত ।
– স্বাধীন পখী ?
– বাঃ একদম মনৰ কথা ! কবিতা লিখা ?
– নাহ্ । এইবোৰচোন তোমাৰেই শব্দ ।
– হাঃ হাঃ হাঃ !
– তুমি দেখিছোঁ আগৰ নিচিনাই আছা । তোমাৰ কেয়াৰলেচ্ ভাব, যতন নোলোৱা কেকোঁৰা চুলি, কথা কোৱাৰ ষ্টাইল – চব আগৰ নিচিনাই আছে ।
– একদম বিশৃংখল জীৱনৰ কেয়াৰলেচ মালিক !
– সময় সলনিৰ লগে লগে মানুহো সলনি হয় আৰু তুমি…!
-সলনি হ’বলৈ অন্ততঃ এটা কাৰণ লাগে ।
– বিয়া নাই কৰোৱা ?
-নাই (এটা কৃত্ৰিম হাঁহি)
– কিয় ? (আচৰিত হৈ)
– কেয়াৰলেচ্ মানুহ এজনক জীৱন সংগী কৰিবলৈ কোনজনী ছোৱালীয়ে নো বিচাৰিব ?
চকুৰ কোণত জমা হোৱা চকুলোৰ গম ইভানক ল’বলৈ নিদিয়াকৈ জয়িয়ে একেথৰে আচৰিত হোৱা চাৱনিৰে চাই আছে ইভানৰ ফালে । (তুমি মোক তোমাৰ কৰি ল’লে ময়েই তো তোমাৰ সাৰথি হৈ তোমাৰ আৰু মোৰ জীৱন সজাই তুলিব পাৰিলোঁহেঁতেন )
– অই হেল্ল’ এনেকৈ চাই কিনো ভাবি আছা ?
– নাই, একো নহয় ।
জয়ি ক’ৰবাত হেৰাই গৈছিল । ইভানৰ মাতত সম্বিৎ আহিল তাইৰ ।
– ইমান সময় ধৰিচোন মোৰ কাহিনীকেই শুনাই আছোঁ । তোমাৰ কথা নোকোৱা কিয় বাৰু ?
– মোৰ কথানো আৰু কি শুনিবা ? মাষ্টৰ ডিগ্ৰীটো লোৱাৰ পাছত স্কুল এখনত সহকাৰী শিক্ষয়িত্ৰী হিচাপে যোগদান কৰিলোঁ । তাৰ পাছতেই ৰিগনলৈ বিয়া হৈ আহিলোঁ । ৰিগন এজন ব্যৱসায়ী । এজনী ছোৱালীও আছে, দ্বিতীয় শ্ৰেণীত পঢ়ি আছে । এয়ে মোৰ কাহিনী ।
– খুউব সুখৰ জীৱন, নহয়নে বাৰু ?
– হুম সুখৰেই হয় দিয়া ।
শব্দকেইটা জয়িৰ কণ্ঠনলীৰ কোনোবা অংশত যেন লাগি ধৰিছিল । (তুমি থকা হ’লে হয়তো প্ৰকৃত সুখ পালোঁহেঁতেন )
– সুখত থকা তাৰেই কামনা । বাৰু আজিলৈ এৰিছোঁ । সময়ে সুযোগ দিলে আকৌ আমি লগ পাম কেতিয়াবা ।
– সময়ে সুযোগ দিলে মানে !! তুমি হেনো স্বাধীন পখী ?
– উৰি ফুৰোঁ যে দিগন্তৰ ঠিকনা বিচাৰি (তোমাৰ ঠিকনা বিচাৰি)
– নীলা আৰু সেউজক লৈ ঘৰ সজোৱাৰ সপোনেৰে ?
– একজাক্টলি ( তোমাৰ দুচকুত নীলা সানি দিয়াৰ সপোনেৰে, যিটো সপোন কফিন মেৰিয়াই মনে মনে এতিয়াই শুই পৰিলে শেঁতা পৰা সেউজৰ বুকুত !)
দুয়োৰে ওঁঠত হাঁহি (কিছু অব্যক্ত অনুভৱ লুকুৱাই ৰখা হাঁহি) । গধূলিয়ে নিমন্ত্ৰণ জনাইছে সন্ধিয়াক । চৰাইবোৰে দিগন্তৰ অজ্ঞাত ঠিকনাত কবিৰ চিঠিবোৰ বিলাই দি উভতিছে । আদিত্যইয়ো ধৰণীক ৰাঙী কৰি সংকেত জনাইছে নিশাচৰবোক সাৰ পাবলৈ । ইভানেও যে উমান পাইছে সেই সংকেতৰ । নাজানক কোনেও কাৰো মনৰ কথা – কি ক্ষতি !
শ্বাহিনশ্বাহ ইকবাল
লক্ষীপুৰ, গোৱালপাৰা
