বায়’মেডিকেল ৱেষ্ট মেনেজমেন্টৰ বিশেষ কৰ্মশালা
ৰঙিলী বাৰ্ত্তাসেৱা- ৬/৫/২০২৩ তাৰিখে গুৱাহাটী মেডিকেল কলেজৰ কমিউনিটি মেডিচিন বিভাগ আৰু বেচৰকাৰী মেডিকেল অনুষ্ঠান USAID RISE, Jhpiegoৰ উদ্যোগত কমিউনিটি মেডিচিন বিভাগত বায়’মেডিকেল ৱেষ্ট মেনেজমেন্ট শীৰ্ষক এক বিশেষ কৰ্মশালা অনুষ্ঠিত কৰা হয়। কৰ্মশালাৰ আৰম্ভণিতে কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজাই বিষয়বস্তুৰ উদ্দেশ্য ব্যাখ্যা আগবঢ়ায়। এই কৰ্মশালাত কমিউনিটি মেডিচিন বিভাগ আৰু গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ বিভিন্ন বিভাগৰ অনান্য বিশেষজ্ঞ চিকিৎসক, স্নাতকোত্তৰ ছাত্ৰ ছাত্ৰী আৰু নাৰ্চিং কৰ্মকৰ্তায়ে অংশগ্ৰহণ কৰে । উক্ত কৰ্মশালাত কেইবাগৰাকী বিশেষ সমল ব্যক্তিয়ে বায়’মেডিকেল ৱেষ্ট মেনেজমেন্টৰ অনান্য দিশৰ বিষয়ে বক্তৃতা প্ৰদান কৰে। কমিউনিটি মেডিচিন বিভাগৰ মুৰব্বী অধ্যাপিকা ডাঃ যুতিকা ওজা, গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ উপ অধীক্ষক ডাঃ প্ৰদীপ কুমাৰ দাস তথা কমিউনিটি মেডিচিন বিভাগৰ ডাঃ মৌচুমী কৃষ্ণাত্ৰেয়,ডাঃ ঝংকাৰ হাজৰিকা, ডাঃ মেহজৱিন হাইদৰ হাজৰিকা আৰু ডাঃ কুমাৰিল গোস্বামীৰ বক্তৃতাৰে কৰ্মশালাখনি সূচাৰুৰূপে সম্পাদন কৰা হয়।