বামুণীমৈদামত একে পৰিয়ালৰ ৩জন লোকৰ মৃতদেহ উদ্ধাৰ

Pc hindustan times

বামুণীমৈদামত একে পৰিয়ালৰ ৩জন লোকৰ মৃতদেহ উদ্ধাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  মহানগৰীত সংঘটিত এক চাঞ্চল্যকৰ হত্যাকাণ্ড। গুৱাহাটীৰ বামুণীমৈদাম ৰে’লৱে ক’লনীত উদ্ধাৰ হ’ল পিতৃ-মাতৃ, নৱম শ্ৰেণীৰ কন্যা সন্তানৰ মৃতদেহ। দিনৰ প্ৰায় ১১ বজাত আৰক্ষীয়ে এটা বন্ধ কোঠাৰ ভিতৰত তিনিওৰে মৃতদেহ উদ্ধাৰ কৰা হয়।আৰক্ষী সূত্ৰই প্ৰকাশ কৰা অনুসৰি উদ্ধাৰ হোৱা এই তিনিটা মৃতদেহৰ এজন হ’ল পিতৃ লোহিত ঠাকুৰীয়া, মাতৃ জুলি ডেকা আৰু কন্যা ঋত্বিকা ডেকা। প্রাথমিক তদন্তৰ পাছত আৰক্ষীয়ে স্পষ্ট কৰা অনুসৰি পিতৃ লোহিত ঠাকুৰীয়াই তেওঁৰ পত্নী জুলি ডেকা আৰু কন্যা ঋত্বিকা ডেকাক ছুৰীৰে হানি-খুঁচি হত্যা কৰাৰ পিছত নিজে চিপ লৈ আত্মহত্যা কৰে। আৰক্ষীয়ে বামুণীমৈদামৰ ৰে’লৱে ক’লনীৰ এটা ঘৰত লোহিত ঠাকুৰীয়াক চিপ লোৱা অৱস্থাত উদ্ধাৰ কৰাৰ বিপৰীতে মাতৃ জুলি ডেকা আৰু কন্যা ঋত্বিকা ডেকাৰ মৃতদেহ তেজেৰে তুমৰলি হৈ মজিয়াত পৰি থকা অৱস্থাত উদ্ধাৰ কৰে। সমগ্ৰ ঘটনাৰ তদন্ত তথা চুবুৰীয়াৰ ভাষ্যৰ ভিত্তিত এই হত্যাকাণ্ডৰ আঁৰৰ উদ্দেশ্য তথা কাৰণ ইতিমধ্যে পোহৰলৈ আহিছে। উল্লেখ্য যে বামুণীমৈদামৰ ৰে’লৱে ক’লনীত প্ৰায় চাৰি বছৰ পূৰ্বেই থাকিবলৈ লৈছিল জুলি ডেকা আৰু তেওঁৰ কন্যা তথা নৱম শ্ৰেণীৰ ছাত্ৰী ঋত্বিকা ডেকাই। প্রথম স্বামী তথা মৰিগাঁৱৰ বাসিন্দা ভাস্কৰ নাথৰ মৃত্যুৰ পাছত অনুকম্পামূলকভাৱে ৰে’লৱেত চাকৰি লাভ কৰিছিল জুলি ডেকাই আৰু সেইমৰ্মে ৰে’লৱে ক’লনীত কন্যা সন্তানৰ সৈতে থাকিবলৈ লৈছিল। এই সময়তে জুলি ডেকাৰ পৰিচয় ঘটে মৰিগাঁৱৰ লোহিত ঠাকুৰীয়াৰ সৈতে। লোহিত ঠাকুৰীয়াৰ সৈতে প্রাথমিক চা-চিনাকিৰ পাছতেই পৰৱৰ্তী সময়ত প্রেম হয় আৰু বিবাহো সম্পন্ন হয়। জুলি ডেকাৰ সৈতে বিবাহত আবদ্ধ হোৱা লোহিত ঠাকুৰীয়াই প্রথম অৱস্থাত জুলি ডেকাৰ সৈতে ঠিকে-ঠাকে থাকিবলৈ লৈছিল যদিও কিছুদিনৰ পাছতেই মাতৃ জুলি ডেকাৰ অনুপস্থিতিত লোহিত ঠাকুৰীয়াই নৱম শ্ৰেণীৰ ছাত্ৰী তথা সতীয়া জীয়ৰী ঋত্বিকাক যৌন নির্যাতন আৰম্ভ কৰে। কেইবাবাৰো জুলি ডেকাই লোহিত ঠাকুৰীয়াক এই কাৰ্যৰ বাবে সকীয়নি দিয়াই নহয়, তেওঁলোকৰ ঘৰৰ পৰাও উলিয়াই দিছিল। কিন্তু চৰিত্ৰ সলনি নোহোৱা লোহিতে পৰৱৰ্তী সময়ত ক্ষমা খোজাৰ ছলেৰে জুলি ডেকাৰ ওচৰ চাপে আৰু  একেলগে থাকিবলৈ লয়। কিন্তু পুনৰ একেই চৰিত্ৰ উদঙাই দিয়াত মাতৃ জুলি ডেকাই লোহিতৰ বিৰুদ্ধে এই অভিযোগেৰে আৰক্ষীৰ ওচৰ চাপে। যাৰ বাবে বিগত বৰ্ষৰ জুলাই মাহত POCSO আইনৰ অধীনত কাৰাবাস খাটিবলগীয়া হয় লোহিতে। অৱশ্যে জামিন লাভ কৰি লোহিতে জানুৱাৰী মাহৰ শেষ ভাগত কাৰাগাৰৰ পৰা ওলাই আহিয়েই পুনৰ জুলি ডেকাৰ উক্ত কোৱাৰ্টাৰত উপস্থিত হয়। পুনৰ নাটকীয় ভংগীৰে জুলি ডেকাক সকলো কৃতকৰ্মৰ বাবে ক্ষমা বিচাৰি একেলগে থকাৰ অনুৰোধ কৰে। অৱশ্যে লোহিতৰ এনে অনুৰোধক প্রত্যাখ্যান কৰি জুলি ডেকাই মাজে-সময়েহে কোৱাৰ্টাৰলৈ আহিবলৈ অনুমতি দিয়ে লোহিতক। সেইমর্মে যোৱা সময়ছোৱাত নিশাৰ ভাগত প্ৰায়ে কোৱাৰ্টাৰলৈ অহা লোহিত মঙলবাৰেও নিশাৰ ভাগত আহিছিল জুলি ডেকা আৰু ঋত্বিকাৰ ওচৰলৈ। নিশা কোৱাৰ্টাৰলৈ অহাৰ পাছতেই পূৰ্বৰ ঘটনাৰ পোটক তুলি জুলি ডেকা আৰু ঋত্বিকাক ছুৰীৰে হানি-খুঁচি হত্যা কৰাৰ পাছত নিজে চিপ লৈ আত্মহত্যা কৰে। পত্নী-কন্যাক হত্যা কৰাৰ পাছত লোহিতে সম্পর্কীয় ভাতৃ এজনলৈ নিশা ২ বজাত ম’বাইল মেছজযোগে হত্যাকাণ্ড সংঘটিত কৰাৰ কথা স্বীকাৰ কৰি নিজে আত্মহত্যা কৰিবলৈ আগবঢ়া বুলিও উল্লেখ কৰিছিল। কিন্তু নিশা অহা মেছেজ শুই থকাৰ বাবে নাচালে সম্পর্কীয় ভাতৃজনে। পুৱাৰ ভাগত তেওঁ মেছেজ পঢ়ি লোহিতৰ পিতৃ আৰু মাতৃলৈ ফোনযোগে মেছেজৰ কথা উল্লেখ কৰে। লগে লগে লোহিতৰ পিতৃ-মাতৃয়ে ফোনযোগে যোগাযোগৰ চেষ্টা চলায় যদিও কোনোধৰণৰ সঁহাৰি নোপোৱাত ওচৰ-চুবুৰীয়াৰ সৈতে যোগাযোগ কৰে। ইফালে পুৱা ১১ বজালৈ কোৱাৰ্টাৰটোৰ পৰা কোনোধৰণৰ শব্দ তথা মানুহৰ উপস্থিতিৰ আওভাও নেদেখি চুবুৰীয়াই সন্দেহবশতঃ চানমাৰি থানাত খবৰ দিয়ে। চানমাৰি আৰক্ষীৰ লগতে চিআইডি আৰু ফৰেনছিকৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈ বন্ধ কোঠাৰ দুৱাৰ ভাঙি মৃতদেহ তিনিটাউদ্ধাৰ কৰে । সমগ্র ঘটনাই লগে লগে অঞ্চলটোত তীব্র চাঞ্চল্যৰ সৃষ্টি কৰে । তাৰ মাজতে ঘটনাস্থলীত উপস্থিত হয় লোহিতে নিশা মেছেজ পঠিওৱা সম্পর্কীয় ভাতৃজন। এই মেছেজৰ আঁত ধৰিয়েই আৰক্ষীয়ে প্রাথমিক তদন্ততে লোহিতৰ দ্বাৰা এই হত্যাকাণ্ড সংঘটিত হোৱাটো নিশ্চিত কৰে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে সমগ্ৰ ঘটনাৰ তদন্ত এতিয়াও অব্যাহত ৰাখিছে।