বাবা অগ্নিনাভ- ৰাজলক্ষ্মী বৰঠাকুৰ

বাবা অগ্নিনাভ

শক্তিৰ আধাৰ প্ৰভু‌,
তুমি অনাদি অনন্ত
তুমিয়েই পিতা, তুমিয়েই মাতা
এই চৰাচৰ জগতৰ।
দুষ্টক দমন আৰু শান্তক পালন‌‌ কৰি‌
ৰক্ষা কৰি আচা তুমি এই বিশ্ব ব্ৰহ্মাণ্ড
ৰোগ, শোক , পাপ -তাপ গোচোৱা ভক্তৰ
নাজানো তোমাৰ সেৱা পূজা কৰ যোৰে নিবেদিছোঁ
মাথোঁ ভক্তি ভৰা অঞ্জলি
তোমাৰ দুখানি চৰণত ।

ৰাজলক্ষ্মী বৰঠাকুৰ
দেৰগাঁও