বাবলুৰ নামত – দৰ্শিতা নেওগ 

বাবলুৰ নামত

দৰ্শিতা নেওগ 
যোৰহাট
শুভ জন্মদিন বাবলু
আজি এটি বিশেষ দিন,
আনন্দেৰে ভৰা এই ক্ষণ,
প্ৰানদীপৰ জন্মদিন আজি,
হাঁহিৰে উজ্বলি উঠক জীৱন।
ঘৰৰ মৰমৰ বাবলু তই,
সকলোৰে হৃদয়ৰ আপোন,
তোৰ হাঁহিত সুখ বিচাৰি পায়
ঘৰখনৰ প্ৰতিটোজনে।
সপোনবোৰ হওঁক আকাশৰ সমান,
সফলতাই ধৰক তোৰ হাত,
প্ৰতিটো খোজতে সুখেৰে ভৰি পৰক
জীৱনৰ নতুন বাট।