বান ভূমিস্খলনৰ ক্ষতিপূৰণ হিচাপে অসমলৈ অতিৰিক্ত সাহায্য কেন্দ্ৰৰ

বান ভূমিস্খলনৰ ক্ষতিপূৰণ হিচাপে অসমলৈ অতিৰিক্ত সাহায্য কেন্দ্ৰৰ

ৰঙিলী বাৰ্ত্তাসেৱা-  ২০২৪ চনত বান আৰু ভূমিস্খলনৰ ফলত ব্যাপক ক্ষতিসাধন হোৱা অসম আৰু গুজৰাটৰ বাবে কেন্দ্ৰীয় চৰকাৰে ৭০৭.৯৭ কোটি টকাৰ অতিৰিক্ত আৰ্থিক সাহায্যত অনুমোদন জনাইছে।  বান আৰু ভূমিস্খলনৰ ক্ষতিপূৰণ হিচাপে কেন্দ্রই অসমলৈ ৩১৩.৬৯ কোটি টকা অনুমোদন জনাইছে। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহৰ অধ্যক্ষতাত অনুষ্ঠিত এক উচ্চ পৰ্যায়াৰ কমিটীৰ বৈঠকত উক্ত বুজন পৰিমাণৰ পুঁজি ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি পুঁজিৰ (এনডিআৰএফ) পৰা অসমৰ বাবে অনুমোদন জনোৱা হৈছে। অসমৰ উপৰি এনডিআৰএফৰ পৰা গুজৰাটৰ বানপানীৰ ক্ষতিপূৰণ হিচাপেও ৩৯৪.২৮ কোটি টকা অনুমোদন জনাইছে উচ্চ পৰ্যায়ৰ কমিটীখনে। কেন্দ্ৰীয় গৃহ মন্ত্রালয়ে জাৰি কৰা এক প্ৰেছ বিবৃতি অনুসৰি অতিৰিক্ত সাহায্য পুঁজি হিচাপে এই দুয়োখন ৰাজ্যক মুঠ ৭০৭.৯৭ কোট টকা আগবঢ়োৱা হৈছে। উচ্চ পৰ্যায়ৰ কমিটীখনে হৰিয়ানা, মধ্য প্রদেশ আৰু ৰাজস্থানৰ অগ্নিনির্বাপক ব্যৱস্থাৰ আধুনিকীৰণৰ বাবে ৯০৩.৬৭ কোটি টকাৰ আন এক মঞ্জুৰি প্ৰদান কৰিছে এনডিআৰএফ শিতানৰ পৰা। উল্লেখ্য যে ইয়াৰ পূর্বে চলিত মাহৰ আৰম্ভণিত ২০২২ চনৰ ভয়াৱহ বানপানী আৰু ভূমিস্খলনৰ ক্ষতিপূৰণ হিচাপে উচ্চ পৰ্যায়ৰ কমিটীখনে অসমক ১,২৭০.৭৮৮ কোটি টকাৰ সাহায্য পুঁজি প্রদান কৰিছিল।