বান পৰিস্থিতিৰ বুজ লবলৈ ডিব্ৰুগড়ত উপস্থিত পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস

বান পৰিস্থিতিৰ বুজ লবলৈ ডিব্ৰুগড়ত উপস্থিত পঞ্চায়ত ও গ্ৰামোন্নয়ন মন্ত্ৰী ৰণজিৎ কুমাৰ দাস
মুখ্যমন্ত্ৰীয়ে ফোনযোগে বুজ ললে ডিব্ৰুগড়ৰ বান পৰিস্থিতিৰ
ডিব্ৰুগড় চহৰত উদ্ভৱ হোৱা বান পৰিস্থিতিৰ স্থায়ী সমাধানৰ বাবে উচ্চস্তৰীয় বিশেষজ্ঞ দলৰ দ্বাৰা ৰ’ড মেপ প্ৰস্তুত কৰিবলৈ নিৰ্দেশঃ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড় জিলাৰ বান পৰিস্থিতিৰ সবিশেষ বুজ লবলৈ  উপস্থিত হয় অসম চৰকাৰৰ পঞ্চায়ত ও গ্ৰামোন্নয়ন, খাদ্য, অসামৰিক যোগান ও গ্ৰাহক পৰিক্ৰমা বিভাগৰ মন্ত্ৰী তথা ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰী ৰণজিৎ কুমাৰ দাস। ডিব্ৰুগড়ত উপস্থিত হৈ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে পদব্ৰজে চহৰখনৰ থানা চাৰিআলি, এইচ. এচ ৰ’ড পৰিদৰ্শন কৰি বিগত কিছু দিনত মুষলধাৰ বৰষুণৰ ফলত সৃষ্টি হোৱা কৃত্ৰিম বান পৰিস্থিতিৰ সবিশেষ বুজ লয়। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীয়ে জিলা প্ৰশাসন আৰু পৌৰ নিগমৰ বিষয়ববীয়াসকলৰ সৈতে বৰ্তমানৰ বান পৰিস্থিতিত বিভাগীয়ভাবে লৈ থকা যাৱতীয় পদক্ষেপসমূহৰ বিষয়েও আলোচনা কৰে। স্থানীয় সাংবাদিকৰ সৈতে হোৱা মতবিনিময়ত অভিভাৱক মন্ত্ৰীগৰাকীয়ে বিগত কিছু দিনত একেধাৰে হৈ থকা তীব্ৰ বৰষুণ লগতে প্ৰাকৃতিক জলাশয়সমূহ পুতি পেলোৱাৰ ফলস্বৰূপেও চহৰখনত এনে অনাকাঙ্ক্ষিত কৃত্ৰিম বান পৰিস্থিতি উদ্ভৱ হৈছে বুলি উল্লেখ কৰে। চহৰখনৰ কৃত্ৰিম বানপানী সমস্যাৰ স্থায়ী সমাধানৰ বাবে এক বিস্তৃত পৰ্যালোচনা কৰাটো অতিশয় জৰুৰী বুলিও মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে মন্তব্য আগবঢ়ায়। ইতিমধ্যে অসমৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই ডিব্ৰুগড়ৰ বান পৰিস্থিতি সন্দৰ্ভত সবিশেষ বুজ লোৱাৰ লগতে চহৰখনৰ এই সমস্যাৰ স্থায়ী সমাধানৰ বাবে উচ্চস্তৰীয় বিশেষজ্ঞ দলৰ দ্বাৰা এক ৰ’ড মেপ প্ৰস্তুত কৰিবলৈয়ো নিৰ্দেশ দিছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে। সেই মৰ্মে জিলা আয়ুক্ত প্ৰমুখ্যে অন্যান্য সংশ্লিষ্ট বিভাগৰ বিষয়াবৰ্গক যাৱতীয় পদক্ষেপ গ্ৰহণ কৰিবলৈ মন্ত্ৰী ৰনজিৎ কুমাৰ দাসে আহ্বান জনায়।