বান-গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ডিব্ৰুগড়ৰ জলসম্পদ কাৰ্যালয়ত আছুৰ প্ৰতিবাদ

বান-গৰাখহনীয়া প্ৰতিৰোধৰ দাবীত ডিব্ৰুগড়ৰ জলসম্পদ কাৰ্যালয়ত আছুৰ প্ৰতিবাদ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা- অসমৰ বান আৰু গৰাখহনীয়া সমস্যা সমাধানৰ দাবীত ডিব্ৰুগড়ত সদৌ অসম ছাত্ৰ সন্থাই (আছু) তীব্ৰ প্ৰতিবাদ কৰে। ডিব্ৰুগড় জিলা ছাত্র সন্থাই পল্টনবজাৰস্থিত জলসম্পদ বিভাগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে। অসমৰ গৰাখহনীয়া সমস্যা সমাধানৰ ক্ষেত্ৰত জলসম্পদ মন্ত্ৰী পীযুষ হাজৰিকা চূড়ান্তভাৱে ব্যৰ্থতাৰ অভিযোগ উত্থাপন কৰিছে আছুৱে। কেৱল কমিছনৰ কাৰণে গৰাখহনীয়া প্ৰতিৰোধৰ ধন আৱন্টন দি প্ৰতিৰোধ ব্যৱস্থাৰ নামত চৰম ভেকোভাওনা কৰা বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে। আনহাতে অসমৰ বান আৰু গৰাখহনীয়া সমস্যাক ‘ৰাষ্ট্ৰীয় সমস্যা’ হিচাপে ঘোষণা কৰিব নোৱাৰাক লৈয়ো ক্ষোভ প্ৰকাশ কৰিছে আছুৱে। ডিব্ৰুগড় জিলা ছাত্র সন্থাৰ সাধাৰণ সম্পাদক অৰ্জুন ছেত্ৰী আৰু আছুৰ সাংগঠনিক সম্পাদক বুলবুল দত্তৰ নেতৃত্বত ৰূপায়ন কৰা প্ৰতিবাদী কাৰ্যসূচীৰ অন্ততঃ মুখ্যমন্ত্ৰীলৈ এখন বিভিন্ন দাবী সম্বলিত স্মাৰক পত্ৰ এখন প্ৰেৰণ কৰে।