বানপীড়িত ৰাইজক সাহাৰ্য্য চৰকাৰী পেঞ্চনাৰ সন্থাৰ

বানপীড়িত ৰাইজক সাহাৰ্য্য চৰকাৰী পেঞ্চনাৰ সন্থাৰ

এম হাছিম আলী,ডিব্ৰুগড়,ৰঙিলী বাৰ্ত্তাসেৱা-  যোৱা ১৫ জুলাইত চৰকাৰী পেন্সনাৰ সন্থা অসম , ডিব্ৰুগড় শাখাৰ এটি ১২ জনীয়া দলে , খোৱাং চেৰেপাখাটি ৰঙালাওঁ বজাৰ এলেকাৰ প্ৰায় ৮০ টা সৰ্বস্বান্ত হোৱা বানপীড়িত পৰিয়ালৰ লোকক খাদ্য সামগ্ৰী বিতৰণ কৰে । লগতে ঘাই পথৰ দুয়োকাষে অস্থায়ী ভাবে আশ্ৰয় শিবিৰত থকা বানপীড়িত হোৱা লোকসকলৰ মাজত দলটোৱে মতবিনিময় কৰে । দলটোত আছিল বাহাদুৰ চেত্ৰী, দিলীপ চান্দ্ৰ দাস, তৰুণ চান্দ্ৰ দাস, ভূৱন মোহন দাস,মৃদুল শৰ্মা, দীপক নেওগ ,মৃণাল দত্ত, বৃকোদৰ দাস, কনক চন্দ্ৰ বৰা,দিলীপ শৰ্মা,কানাই ভট্ট, কমল দাসগুপ্ত আৰু দ্বিজেন দত্ত।