বানপানী – অৰুণা গোস্বামী

বানপানী

চৌদিশে বানপানী

বন্যাৰ্তৰ হিয়াভগা কান্দোন

আৰু মৃত্যুৰ বিভীষিকা ,

জপিয়াই ফুৰা শিশুজাক

থমকি ৰয় ,

স্তব্ধ হয় জনজীৱন ৷

উটুৱাই লৈ যায় আশাৰ কঠীয়াবোৰ ,

স্কুল-কলেজ, ঘৰ-দুৱাৰ, দোকান-বজাৰ

নিঃশেষ হৈ যায় পলকতে ৷

মানুহ আৰু জীৱ-জন্তুৱে আশ্ৰয় লয়

কোনোবা ওখ ঠাইত ,

এমুঠি অন্ন, বস্ত্ৰ, খোৱাপানীৰ বাবে

বাট চাই থাকে তেওঁলোকে

কি যে হৃদয়বিদাৰক দৃশ্য !

সমাধান নাই নে ইয়াৰ ?

মন মোৰ কৰে হাহাকাৰ ৷

-অৰুণা গোস্বামী

তিতাবৰ