বানপানী  অসমৰ এটা ডাঙৰ জলন্ত  সমস্যা – অনামিকা (সংগীতা)কলিতা

বানপানী  অসমৰ এটা ডাঙৰ জলন্ত  সমস্যা

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

হয় ,বছৰত ৫০শতাংশ লোক এই বানৰ কৱলত পৰে । বাতৰিকাকতখন বা ম’বাইলটো হাতত ল’লেই এই পৰিস্থিতিৰ সৈতে মোকাবিলা কৰি থকা মানুহবোৰৰ দুখ দুৰ্গতি দেখা পাই চকু সেমেকি যায়। চকুৰ আগতে মানুহবোৰৰ ঘৰখন উটি গৈছে ,নিজৰ ঘৰ  এৰি স্কুল কলেজ আদি কিছুমান সুৰক্ষিত ঠাইত আশ্ৰয় লৈছে এবুকু দুখ বেদনা ভৰা হৃদয়ৰ মাজেৰে ।কাৰণ এটি সপোনৰ ঘৰ সাজিবলৈ মানুহে নিজৰ গোটেই জীৱনৰ কষ্টৰ সকলো উপাৰ্জন খৰছ কৰে তাৰ বিনিময়ত এটি সপোন বাস্তৱ হয় ।যদি সেই সপোন নিমিষতে চাৰখাৰ হয় ভুক্তভোগীহে অনুভৱ কৰিব তেওঁলোকৰ অৱস্থাৰ ।

এতিয়া  এই সমস্যাৰ সৈতে একাকাৰ বানপীড়িত সকল- তেওঁলোকে গৃহহীন হৈ নিজৰ জীৱন ৰক্ষাৰ কাৰণে সকলো এৰি থৈ আহিছে ,চকু মুখত বিষাদৰ হা হুমুনিয়াহ ।বানপানী এক জলন্ত সমস্যা বাৰিষাৰ সময়ত। অসমত নৈ /উপনৈৰ সংখ্যা অধিক ।বাৰিষাত নৈ/উপনৈ সমূহ পৰিপূৰ্ণ হৈ ফেনে ফুটুকাৰে বাঢ়ি অহাৰ ফলত,গড়া খহনীয়াত বহুত খেতি পথাৰৰ শস্য  নষ্ট হৈছে ।   তেওঁলোকৰ শ্ৰম টকা পইচা অথলে গ’ল।ঠিকাদাৰ আদিয়ে  নিজৰ  অধিক  মুনাফা লাভৰ কথা ভাবি মথাউৰি বোৰ  নিৰ্মাণ কৰোঁতে  সস্তীয়া  কম মানদণ্ডৰ  সামগ্ৰী  ব্যৱহাৰ কৰে  যাৰ ফলত  কম দিনৰ ভিতৰতে  ভাঙি যায় কিছুমান ঠাইত  এবছৰো অতিবাহিত নহয় টিভিৰ বাতৰিত দেখিছোঁ  । তাৰোপৰি আমাৰ মানুহবোৰ কম নহয় নলা নৰ্দমা আদিত প্লাষ্টিকৰ পেকেট/জাবৰ জোঠৰ আদি পেলোৱাৰ কাৰণে নলাবোৰ বন্ধ হৈ থাকে পানী যাব’লৈ  সুবিধা নাপায় ,যাৰ ফলত নলাৰ পানী বাট-পথ বুৰাই পেলায়।গতিকে এই সমস্যাবোৰৰ কাৰণে বানপানীৰ সমস্যাৰ সৃষ্টি হয়।নদী বান্ধ  বানপানীৰ সমস্যাৰ আন এটা কাৰণ। পানী বাঢ়ি থাকিলে এই নদীবান্ধ বোৰ খুলি দিব লগা হয় ফলত কাষৰ গাঁওবোৰৰ যথেষ্ট খতি হয়। পাহাৰবোৰ কাটি থকাত সেই পাহাৰৰ মাটি খহি নামনি অঞ্চলৰ বাট পথ সকলো বোকাৰে ভৰি পৰে কৃত্ৰিম বানৰ সৃষ্টি হয়।গছ /গছনিয়ে  সুৰক্ষা দিয়ে প্ৰকৃতিৰ ভাৰসাম্য ৰক্ষা হয় ।যেতিয়া গছবোৰ কাটি  তহিলং  কৰে নদী /খাল বিল আদিৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰে গৰা খহনীয়া  হয়।প্ৰকৃতিয়ে সকলো দিছে আমি মানুহবোৰে ইয়াৰ মূল নুবুজাৰ কাৰণে  প্ৰকৃতিৰ ৰোষত পৰিব লগা হয়। গুৱাহাটীৰ কৃত্ৰিম বান এক উদাহৰণ।ইয়াৰ সমাধানৰ উপায়-

১) খৰালিতে মথাউৰি বোৰ উন্নত  প্ৰণালীৰে নিৰ্মাণ কৰিব লাগিব।
২) নদী বান্ধ যধে মধে খুলি দিব নালাগে।
৩) নৈ /উপনৈ সমূহৰ মাজে সময়ে খনন কাৰ্য কৰিলে প্ৰতিৰোধ হ’ব ।
৪) নলা/নৰ্দমা  পানী যোৱাৰ বাট  পৰিস্কাৰ কৰি থব  লাগিব । সকলোৱে জাবৰ জোথৰ পেলাই বন্ধ কৰিব নোৱাৰে তাৰ কাৰণে ৰাইজে সতৰ্ক থাকিব লাগিব।